গুৰুতৰভাৱে অসুস্থ মুশ্বাৰফ চিকিৎসাধীন

image

বিৰল ৰোগত আক্ৰান্ত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফক ডুবাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বিগত কিছুদিন ধৰি পাকিস্তানৰ প্ৰাক্তন সামৰিক শাসকগৰাকী অসুস্থ হৈ আছে । সম্প্ৰতি বিদেশত বসবাস কৰা মুশ্বাৰফে এবাৰ পাকিস্তানলৈ উভতি অহাৰ চেষ্টা চলাইছিল যদিও স্বাস্থ্যজনিত কাৰণত সেয়া সম্ভৱ নহল। যোৱা শনিবাৰে হঠাতে মুশ্বাৰফ গুৰুতৰভাৱে অসুস্থ হয় আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকে প্ৰকাশ কৰা মতে, পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজন এমিলয়ড’ছিছ ৰোগত আক্ৰান্ত হৈছে । যোৱা বছৰৰ অক্টোবৰত মুশ্বাৰফৰ শৰীৰত এই বিৰল ৰোগ চিকিৎসকে ধৰা পেলাইছিল । ইয়াৰ পাছতে তেওঁক লণ্ডনত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । পাছত চিকিৎসালয়ৰ পৰা তেওঁক ঘৰলৈ যোৱা অনুমতি দিয়া হৈছিল ।

Exit mobile version