এতিয়া সকলোতে কেৱল নিৰ্ব্বাচনী বতাহ । নিৰ্ব্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সকলো ৰাজনৈতিক দল তথা নেতাসকল সাজু হৈ উঠিছে নতুন নতুন প্ৰক্ৰিয়াৰে নিৰ্ব্বাচনী প্ৰচাৰ কৰাত । এইক্ষেত্ৰত সাধাৰণ ৰাইজৰ মাজতো দেখিবলৈ পোৱা গৈছে বিশেষ উৎকণ্ঠা । কাৰণ এতিয়া সকলো সাধাৰণ জনতা ব্যস্ত হৈ পৰিছে নৰেন্দ্ৰ মোদী প্ৰিণ্টেড টি শাৰ্ট আৰু শাড়ী ক্ৰয় কৰাত । গুজৰাটত নৰেন্দ্ৰ মোদীৰ প্ৰিণ্টেড শাড়ীৰ বহু জনপ্ৰিয়তাৰ পাছতে এইবাৰ বিশেষ জনপ্ৰিয়তা লাভ কৰিছে নৰেন্দ্ৰ মোদীৰ প্ৰিণ্টেড টি শাৰ্টে। গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ এখন দোকানত উপলব্ধ ‘ আমি আছো ২০১৯’ নামৰ নৰেন্দ্ৰ মোদীৰ প্ৰিণ্টেড টি শাৰ্ট । মাত্ৰ ১৫০ টকাৰ মূল্যৰ এই টি শাৰ্টতোৰ খুবেই জনপ্ৰিয়তা বাঢ়িছে গুৱাহাটী মহানগৰীত। বিক্ৰেতাই ক’লে ,’ কালিৰ পৰা বিক্ৰী খুব ভাল হৈছে , আৰু ৰাতিপুৱাও বহু লোকে ক্ৰয় কৰিছে নৰেন্দ্ৰ মোদীৰ প্ৰিণ্টেড টি শাৰ্ট । ‘শ’ ৰো অধিক টি শাৰ্ট আহিছে বিক্ৰী কৰিবলৈ ।’ আৰু টি শাৰ্ট বিক্ৰী হ’ব বুলি আশাবাদী বিক্ৰেতা। এতিয়া এই দোকানখনত ‘আমি আছো ২০১৯’ টি শাৰ্ট কিনিবলৈ হেতাওপৰা লাগিছে গ্ৰাহকসকলৰ মাজত । সেইদৰে বহু গ্ৰাহকে ক’লে ,’ ভাল লাগিছে , এইবাৰ নিৰ্ব্বাচনী প্ৰচাৰ কিছু ব্যতিক্ৰমী হৈছে ‘। ‘ নিৰ্ব্বাচনী প্ৰচাৰৰ বাবে ‘ আমি আছো ২০১৯’ সচাকৈয়ে এক ভাল প্ৰক্ৰিয়া । সচাকৈয়ে এতিয়া নিৰ্ব্বাচনী প্ৰচাৰত মোদী শাড়ী আৰু টি শাৰ্টে সকলো সাধাৰণ ৰাইজৰ মাজত বিশেষ স্হান দখল কৰিবলৈ সক্ষম হৈছে ।
মোদী শাড়ীৰ পাছতে বজাৰত মোদীৰ টি-শাৰ্ট
-
By admin

- Categories: News, Politics
- Tags: Loksabha ElectionNarendra Modi
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025