ত্ৰিপুৰা বিজেপিত খহনীয়া : ৰাজ্যিক উপ-সভাপতিৰ পদত্যাগ

images 6

অৰুণাচল প্ৰদেশৰ পাছত লোকসভা নিৰ্ব্বাচনৰ প্ৰাকক্ষণত ত্ৰিপুৰা বিজেপিতো খহনীয়াৰ সৃষ্টি হৈছে । দলৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি সুবল ভৌমিকে আজি দল ত্যাগ কৰে। অচিৰে তেওঁ কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা হৈছে । ভৌমিকৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁ আসন্ন লোকসভা নিৰ্ব্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে পশ্চিম ত্ৰিপুৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব । অলপতে ভৌমিকে ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি প্ৰদ্যৎ কিশোৰ মাণিক্যৰ স’তে এক আলোচনাত মিলিত হয় । এই আলোচনাতে তেওঁক কংগ্ৰেছে পশ্চিম ত্ৰিপুৰা সমষ্টিত প্ৰাৰ্থীত্ব দিব বুলি মাণিক্যই প্ৰতিশ্ৰুতি দিয়ে। মাণিক্য পূৰ্বে কংগ্ৰেছ বিধায়ক আছিল । 2015ত তেওঁ বিজেপিত যোগদান কৰি ৰাজ্যখনত দলৰ সাংগঠিনক ভেটি শক্তিশালী কৰাত অন্যতম ভূমিকা পালন কৰে। লক্ষ্যণীয় যে শেহতীয়াভাৱে অৰুণাচল প্ৰদেশতো বিজেপিত খহনীয়া আৰম্ভ হৈছে । কিছুদিন পূৰ্বে দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক জাৰপুম গামলিনে পদত্যাগ কৰে।

Exit mobile version