মহানগৰত চাহিদা বৃদ্ধি মোদী ব্ৰেণ্ডৰ বিভিন্ন বস্তুৰ

ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত এটা দিন বাকী

এতিয়া সকলো ব্যস্ত হৈ পৰিছে ফাকুৱাৰ বাবে

 

নিৰ্ব্বাচনী বতাহৰ মাজতো সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো পৰিলক্ষিত হৈছে এক উৎসৱমুখৰ পৰিৱেশ। ফাঁচী বজাৰ, শিল পুখুৰী, গণেশগুৰি আদি মহানগৰৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ৰঙৰ শাৰী শাৰীকৈ দোকান । বজাৰত মহাৰাজ কুমকুম নামেৰে বিভিন্ন ৰঙৰ সমাহাৰ ঘটাৰ লগতে মোদী ব্ৰেণ্ডৰ ফিছকাৰী, মুখা, টুপী আদিও বজাৰত উপলব্ধ হৈছে । সকলোৰে হাতে হাতে ৰঙৰ টোপোলাৰ লগতে দেখিবলৈ পোৱা গ’ল মোদী ব্ৰেণ্ডৰ ফিছকাৰী, মুখা আৰু টুপী। বহুজনে ক’লে,’ বহু দূৰৰ পৰা আহি বিভিন্ন ৰঙ ক্ৰয় কৰাৰ লগতে মোদী ব্ৰেণ্ডৰ ফিছকাৰী, মুখা আৰু টুপী ক্ৰয় কৰিছো।’ বিক্ৰেতায়ো ক’লে ,’ এইবাৰ মোদী ব্ৰেণ্ডৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে ।’ মুঠৰ ওপৰত মহানগৰবাসী এতিয়া ব্যস্ত হৈ পৰিছে ফাকুৱাৰ বাবে ভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰাত ।

Exit mobile version