গৰু চুৰিক কেন্দ্ৰ কৰি পৰ্বতঝোৰাত উত্তপ্ত পৰিস্থিতি

চোৰক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীক প্ৰহাৰ ক্ষুদ্ৰ জনতাৰ: চাৰিজন আহত

হাতে-লোটে ৰাইজে কৰায়ত্ত কৰা গৰু চুৰিত অভিযুক্ত এজনক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁতে আজি গোসাঁইগাঁৱৰ পৰ্বতঝোৰাত এক নম্বৰ মাচুলঝোৰাত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত জনতাই আৰক্ষী-চি আৰ পিক প্ৰহাৰ কৰাৰ উপৰি নিৰাপত্তাৰক্ষীৰ কে’বাখনো বাহনৰ ক্ষতি সাধন কৰে। তৎসত্ত্বেও আৰক্ষী -নিৰাপত্তাৰক্ষীয়ে উত্তেজিত জনতাৰ কবলৰ পৰা অভিযুক্তজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উত্তেজিত জনতাক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে শূন্যলৈ কমেও 16 জাঁই গুলিবৰ্ষণ কৰে। যোৱা নিশা কাজিগাঁও থানাৰ অন্তৰ্গত এক নম্বৰ মাচুলঝোৰা(ছয় গোণ্ড) গাঁৱৰ এটা পৰিয়ালৰ গোহালিত তিনিজনীয়া এটা চোৰৰ দলে প্ৰৱেশ কৰি গৰু চুৰি কৰিবলৈ খাপ পিটি থাকে । ইয়াৰ সম্ভেদ পাই পৰিয়ালটোৱে চিঞৰ বাখৰ কৰাত স্থানীয় গাঁওৰক্ষী বাহিনীসহ বহু লোক ঘটনাস্হলীত উপস্থিত হৈ দলটোক কৰায়ত্ত কৰাৰ চেষ্টা কৰে। অৱশেষত ৰাইজে এজনক কৰায়ত্ত কৰে। তেওঁক ধুবুৰী জিলাৰ তামাৰহাটৰ ইনামূল শ্বেখ (27) বুলি চিনাক্ত কৰা হয় । এই অভিযুক্তজনক লৈ গাঁওখনত উত্তাল পৰিৱেশৰ সৃষ্টি হয়।

Exit mobile version