লোকসভা আগন্তুক নিৰ্ব্বাচনত প্ৰাৰ্থী হিচাপে থিয় নিদিয়ে বহুজন সমাজ পাৰ্টিৰ মুৰব্বী মায়াৱতীয়ে। অন্তিম মূহুৰ্তত গ্ৰহণ কৰা এই সিদ্ধান্ত কথা আজি ঘোষণা কৰি মায়াৱতীয়ে কয় যে দলীয় প্ৰাৰ্থী আৰু আৰু সহযোগী সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী হৈ নিৰ্ব্বাচনী প্ৰচাৰত অংশ লোৱাৰ বাবেই তেওঁ আগন্তুক নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে । লক্ষ্ণৌত আজি অনুষ্ঠিত এক সংবাদমেলত মায়াৱতীয়ে কয় , ‘ বিছাৰিলে মই লোকসভা নিৰ্ব্বাচনত জয়লাভ কৰিব পাৰিম। কিন্তু এই মূহুৰ্তত বিজেপিৰ বিৰুদ্ধে দলৰ অৱস্থান যথেষ্ট শক্তিশালী হোৱা হেতুকে মই নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছোঁ । দলে এই সিদ্ধান্তক সন্মান জনাব বুলি মই নিশ্চিত । অৱশ্যে প্ৰয়োজন হ’লে কোনো সমষ্টি খালী কৰি নিৰ্ব্বাচনত থিয় দিব পাৰো। ‘ মায়াৱতীয়ে কয় যে নিৰ্ব্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিলে সকলোৱে তেওঁৰ সমষ্টিত প্ৰচাৰত ব্যস্ত হ’ব ফলত বাকী সমষ্টিত প্ৰভাৱ পৰিব পাৰে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিও তেওঁ নিৰ্ব্বাচনত প্ৰাৰ্থী হিচাপে থিয় নিদিয়াৰ সিদ্ধান্ত লোৱা বুলি বহুজন সমাজ পাৰ্টিৰ নেত্ৰীগৰাকীয়ে কয়।
নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে মায়াৱতীয়ে
-
By admin
- Categories: Loksabha Election, News, Politics
Related Content
Silchar Incident:আৰক্ষীলৈ শিলগুটি নিক্ষেপ, লাঠি চাৰ্জ,আহত ৪ সাংবাদিক
By
publisher
November 16, 2024
How secure is your G-Mail :আপোনাৰ G-Mail কিমান সুৰক্ষিত ?
By
publisher
November 16, 2024
Aap Assam Pressmeet:উপ নিৰ্বাচনক লৈ আপৰ গুৰুতৰ অভিযোগ
By
publisher
November 16, 2024
National Press Day Celebration in Guwahati:মহানগৰীত ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
By
publisher
November 16, 2024
Chief Executive Devolal Garlocha as a land mafia:ভূমাফিয়াৰ ৰূপত মুখ্য কাৰ্যবাহী দেৱোলাল গাৰ্লোচা !
By
publisher
November 16, 2024