আসন্ন লোকসভা নিৰ্ব্বাচনক কেন্দ্ৰ কৰি অহা ৩০মাৰ্চত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অহা ১১এপ্ৰিলত প্ৰথম পৰ্যায়ত ৰাজ্যত অনুষ্ঠিতব্য লোকসভা নিৰ্ব্বাচনৰ বাবে সিইদিনাই দুখনকৈ নিৰ্ব্বাচনী সভাত প্ৰধানমন্ত্ৰীয়ে নিৰ্ব্বাচনী প্ৰচাৰ চলাব । ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আজি এই কথা অবগত কৰে। প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ কথা অবগত কৰি তেওঁ কয় ,’ প্ৰথম পৰ্যায়ত ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত অহা ১১এপ্ৰিলত নিৰ্ব্বাচন অনুষ্ঠিত হব। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা ৩০ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজপুৰ আৰু ডিব্ৰুগড়ত আয়োজন কৰা বিশাল গণসভাত ভোটাৰ ৰাইজক সম্বোধন কৰিব । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিতব্য লোকসভা নিৰ্ব্বাচনৰ পূৰ্বেও প্ৰধানমন্ত্ৰীয়ে অসমলৈ অহাৰ সম্ভৱনা থকা বুলি তেওঁ কয় । প্ৰধানমন্ত্ৰী উপৰি এই সময়ছোৱাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকে প্ৰমুখ্য কৰি কে’বাজনো শীৰ্ষ নেতাই ৰাজ্যত প্ৰচাৰভিযান চলাব বুলি তেওঁ কয়।
৩০মাৰ্চত দুখনকৈ নিৰ্ব্বাচনী সভাত অংশ লব মোদীয়ে
-
By publisher

- Categories: News, Politics
- Tags: AssamLoksabha ElectionNarendra Modi
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025