চৌতাৰাৰ ঘোৰামাৰাত বিপিএফৰ বিশাল নিৰ্বাচনী সভা

fffffffffffffffffffffffffffffffff

 বিপিএফ সুবিধাবাদী দল

সুযোগ বুজি বিপিএফ দলে কংগ্ৰেছ-বিজেপিৰ সৈতে মিত্ৰতা কৰিব

কোকৰাঝাৰ লোকসভা সমষ্টিটো উদ্ধাৰৰ বাবে বিপিএফ দলে এইবেলি ব্যাপক তৎপৰতাৰে নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে ৷ আজি কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ চৌতাৰাৰ ঘোৰামাৰাত বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সমৰ্থনত  বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ নিৰ্বাচনী সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি কয় বিটিচি অঞ্চলত বসবাস কৰা লোকসকল শংকিত হব নেলাগে ৷ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বিটিচি চুক্তিৰ সময়ছোৱাত যিসকলে বিটিচি অঞ্চলত বসবাস কৰি আছে সকলোৱে বিটিচিৰ বাসিন্দা ৷ বিশাল নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ উন্নয়নৰ চমু বিৱৰন দাঙি ধৰি বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া,এনডিএফবি আৰু আলফা সমস্যাৰ ফলপ্ৰসু সমাধানৰ বাবেও কেন্দ্ৰীয় চৰকাৰক দাবী জনাই অহা বুলি উল্লেখ কৰে ৷ কোকৰাঝাৰত স্পৰ্টছ কলেজ আৰু সৈনিক স্কুল, চিৰাঙত ফৰেষ্ট কলেজ,বাগসাত কৃষি মহাবিদ্যালয় আৰু বড়োলেণ্ড ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান হব বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএল দলক পুনৰবাৰ ক্ষুৰধাৰ সমালোচনা কৰে ৷  মহিলাৰীয়ে কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা নিৰ্বাচনী সভাত কয় যে এনডিএফবিৰ  (প্ৰ)  নেতা,সদস্য সকলে নিৰ্বাচনৰ পুঁজি সংগ্ৰহৰ বাবে মূল্যবান শালগছ কাটি বিক্ৰী কৰিছে ৷ নিৰ্বাচনী সভাত মহিলাৰীয়ে কয় বিপিএফ দল কোনো ৰাজনৈতিক দলৰ পাৰ্মানেন্ট বন্ধ নহয় ৷ সুযোগ বুজি কংগ্ৰেছ আৰু বিজেপিৰ সৈতেও মিত্ৰতা কৰিব লাগিব ৷ বিৰোধীত থাকি একো পোৱা নাযায় বুলি উল্লেখ কৰি বিপিএফ দল সদায় সুবিধাবাদী ৰাজনীতি কৰি যাব বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিপিএফ দল সদায় দাবী কৰি আহিছে ৷ সেয়ে বিপিএফ দলৰ সাংসদে সংসদত সদায় ছয় জনগোষ্টীৰ জনজাতিকৰন সন্দৰ্ভত মাত মাতি যাব বুলি কৈ হাগ্ৰামা মহিলাৰীয়ে প্ৰমিলা ৰানী ব্ৰহ্মক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷ ইপিনে বিটিচিৰ উন্নয়ন অধিক তৰান্বিত কৰাৰ স্বাৰ্থত লোকসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহবান জনায় মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ নৱ কুমাৰ শৰনীয়া সাংসদ হৈ একো সমস্যা সমাধান নকৰিলে  আৰু  সংসদত এইক্ষেত্ৰত এবাৰো মাত নামাতিলে ৷ তদুপৰি বিটিচিৰ উন্নয়নত একো গুৰুত্ব নিদি নৱ কুমাৰ শৰনীয়াই গোষ্টীগত সংঘৰ্ষ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে ৷ বড়ো- অবড়োৰ মাজত দূৰত্ব বৃদ্ধি কৰি ৰাজনীতি কৰা নৱ কুমাৰ শৰনীয়াই নিৰ্বাচনত পৰাজয় হোৱাৰ ভয়তে কংগ্ৰেছৰ টিকট লবৰ বাবে চেষ্টা চলাই বিফল হৈছে বুলি কয় চন্দন ব্ৰহ্মই ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে লোকসভা নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী জয়ী হলে সংসদত ছয় জনগোষ্ঠীৰ জনজাতিকৰন সপক্ষে মাত মাতিব  ৷ আনহাতে নিৰ্বাচনী সভাত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰি বিটিচি অঞ্চলৰ উন্নতি কাৰ দ্বাৰা সম্ভৱ হৈছে ৰাইজে জানে বুুুলি কয় ৷ ২০১২ চনত বড়ো আৰু মুছলমান লোকৰ মাজত ভুল বুজাবুজিৰ বাবে দুৰ্ভাগ্যজনকভাৱে সংঘৰ্ষৰ সুত্ৰপাত হৈছিল আৰু সেই সুযোগতে নৱ কুমাৰ শৰনীয়াই বড়ো- অবড়োৰ মাজত বিভেদ সৃষ্টি কৰি নিৰ্বাচনত জয়ী হৈছিল ৷ কিন্তু আজিৰ দিনত নৱ কুমাৰ শৰনীয়াৰ সেই বিভেদৰ ৰাজনীতি ৰাইজে মানি নলয় আৰু বিশ্বাস নকৰে ৷  বিটিচিৰ উন্নতি দূৰৈৰ কথা নৱ কুমাৰ শৰনীয়াৰ গাওঁৰ ৰাস্তাও বিপিএফে নিৰ্মান কৰিছে বুলিও ভাষন প্ৰসংগত সদৰি কৰিছে বিশ্বজিৎ দৈমাৰীয়ে ৷ দৈমাৰীয়ে ইউপিপিএল দলকো ক্ষুৰধাৰ সমালোচনা কৰি কয় যে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ মূল ইচ্ছু লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা উৰ্খাও গৌৰা ব্ৰহ্ম নিৰ্বাচনত জয়ী হলে বড়োলেণ্ড ৰাজ্য গঠন কৰিব পাৰিবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৷ .আজিৰ নিৰ্বাচনী সভাত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্ম ,বিধায়ক ক্ৰমে- ৰবিৰাম নাৰ্জাৰী আৰু মাজেন্দ্ৰ নাৰ্জাৰী,বিটিচিৰ কাৰ্যবাহী সদস্য  মৃতঞ্জয় নাৰ্জাৰী,আৰএমচিৰ সভাপতি আফজাল হক সৰকাৰ, বিপিএফৰ সংখ্যালঘু কোষৰ সাধাৰন সম্পাদক চুলতান আলম আৰু বিএছইউৰ নেতৃবিন্দৰ লগতে বিপিএফৰ বহু নেতাই অংশগ্ৰহণ কৰে ৷

Exit mobile version