তৃণমূল-বি জে ডিয়ে নজিৰ গঢ়িলে মহিলাৰ বাবে আসন সংৰক্ষণ কৰি

images 5 1

ধ্বনিতে ক্ষান্ত থাকিল কংগ্ৰেছ- বিজেপি: মহিলা প্ৰতিনিধি : আফগানিস্তানতকৈ শোচনীয় ভাৰতৰ অৱস্থা

বিধানসভা-লোকসভা মহিলাৰ বাবে আসন সংৰক্ষণৰ কথা প্ৰায় সকলো দলে আওৰায়। বিশেষকৈ কংগ্ৰেছ-বিজেপি এই ক্ষেত্ৰত আগবঢ়া। কিন্তু বাস্তৱ ক্ষেত্ৰত দল দুটাই যে মহিলাক এনে সুবিধা দিবলৈ আগবঢ়া নাই, সেয়া সমাগত লোকসভা নিৰ্ব্বাচনত দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ তালিকাই স্পষ্ট কৰিলে। ইয়াৰ বিপৰীতে কংগ্ৰেছ-বিজেপিৰ এনে স্হিতিৰ বিপৰীতে এই ক্ষেত্ৰত দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হ’ল তৃণমূল কংগ্ৰেছ আৰু ওড়িছাৰ বিজু জনতা (বি জে ডি)এ। সমাগত লোকসভা নিৰ্ব্বাচনত পশ্চিমবংগত তৃণমূল কংগ্ৰেছে 41 শতাংশৰো অধিক আসনত মহিলা প্ৰাৰ্থীক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । একেদৰে বি জে ডিয়ে ওড়িছাত 30 শতাংশ আসনত মহিলাক প্ৰাৰ্থীত্ব দিব বুলি ঘোষণা কৰিছে । দল দুটাৰ এই নিৰ্ব্বাচনী ৰণনীতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি আৰু কংগ্ৰেছৰ ওপৰত চাপ বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈছে । উল্লেখ্য যে দুই দশকৰো অধিক বছৰ পূৰ্বে লোকসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ বিধেয়ক উত্থাপন হয় যদিও আজিলৈ এই বিধেয়ক সংসদত গৃহীত নহ’ল।

Exit mobile version