ফেচবুকত মোদীক হত্যাৰ পোষ্ট দি জয়পুৰত গ্ৰেপ্তাৰ এজন

nnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ বাবে দায়িত্ব দিব বিচৰা বুলি ফেচবুকত পোষ্ট লিখি ৰাজস্হানৰ জয়পুৰত গ্ৰেপ্তাৰ হ’ল এজন লোক। হাৰিয়ানাৰ ৰেৱাৰীত বাস কৰা নবীন কুমাৰ যাদৱ নামৰ লোকজনে ফেচবুকত কয় যে প্ৰধানমন্ত্ৰীক হত্যাৰ তেওঁৰ এক নিখুঁত আঁচনি আছে । মোদীক হত্যাৰ বাবে তেওঁ এজন ব্যক্তিক নিয়োগ কৰিব বিচাৰে বুলিও ফেচবুকত উল্লেখ কৰে। ইয়াৰ পাছতে আজি জয়পুৰ আৰক্ষীয়ে যাদৱক ৰাষ্ট্ৰদ্ৰোহৰ ধাৰাত গ্ৰেপ্তাৰ কৰে। 31 বছৰীয়া এই লোকজনৰ গ্ৰেপ্তাৰ সম্পৰ্কত জয়পুৰ আৰক্ষী ডি চি পি ৰাহুল জৈনে কয়, ‘ ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰা বুলি এই লোকজনক লৈ আমি আৰক্ষী নিয়ন্ত্ৰণ কক্ষত অভিযোগ পালো। চাইবাৰ চেলৰ সহায়ত তেওঁৰ সন্ধান উলিয়াই গ্ৰেপ্তাৰ কৰা হ’ল।’

Exit mobile version