Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

RSS is Upset With the BJP:বিজেপিক লৈ ক্ষুণ্ণ নেকি আৰএছএছ ?

#প্রাঞ্জলসেন ডেকা

publisher by publisher
June 17, 2024
in Assam, India, News
Reading Time: 3 mins read
0
RSS is Upset With the BJP:বিজেপিক লৈ ক্ষুণ্ণ নেকি আৰএছএছ ?
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

RSS is Upset With the BJP:বিজেপিক লৈ ক্ষুণ্ণ নেকি আৰএছএছ ?

#প্রাঞ্জলসেন ডেকা

সকলো দিশেৰে শক্তি শালীভাবে যুঁজত অৱতীৰ্ণ হৈও আকাংক্ষিত ফল লাভত ব্যর্থ হ’লে নেতৃত্ব বহনকাৰীসকল সমালোচনাৰ সন্মুখীন হ’বলগীয়া হোৱাটো স্বাভাৱিক। সম্প্রতি বিজেপিৰ ক্ষেত্ৰতো সেয়াই হৈছে। ১০ বছৰীয়া শাসন কালত আহৰণ কৰা সৰ্বশক্তি প্রয়োগ কৰিও সদ্যসমাপ্ত লোকসভা নির্বাচনত সাধাৰণ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰাত শাসক দল আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক বিৰোধীৰ লগতে শুভাকাংক্ষী তথা সহযোগীয়েও কাঠগড়াত তুলিছে; কিন্তু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তথা সংগঠনটোৰ স্বয়ং মুৰব্বীৰ প্ৰশ্নৰ সম্মুখীন হ’বলগীয়া হোৱাটো বিজেপিৰ বাবে যে সবাতোকৈ অস্বস্তিকৰ তাত সন্দেহ নাই।

ADVERTISEMENT

প্রথমে ১০ জুনত সংঘৰ সৰসংঘচালক (মুৰব্বী) মোহন ভাগৱত আৰু তাৰ পাছদিনাই সংঘৰ মুখপত্ৰত নিৰ্বাচনী ফলাফলক লৈ বিজেপি তথা ইয়াৰ শীর্ষ নেতৃত্বৰ সম্পৰ্কত অসন্তুষ্টি প্রকাশ পায়। তাৰ পাছত সংঘৰে কেন্দ্রীয় কার্যবাহী সদস্য তথা জ্যেষ্ঠ নেতা ইন্দ্রেশ কুমাৰেও অহংকাৰৰ বাবেই ৰামভক্ত হৈও বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভৰ পৰা আঁতৰত  থাকিবলগীয়া হ’ল বুলি কটাক্ষ কৰে। ইয়াৰ লগে লগে ৰাজনৈতিক মহলত আৰু সংবাদ মাধ্যমত ব্যাপক চর্চা আৰম্ভ হয়। এনেদৰে মুকলিকৈ অসন্তুষ্টি প্রকাশে সংঘৰ স’তে বিজেপিৰ সংঘাতৰ ইংগিত দিছে নেকি বুলিও প্রশ্ন উত্থাপিত হয়।

সংঘৰ মুৰব্বীগৰাকীয়ে সাধাৰণতে বছৰত দুবাৰকৈ ৰাজহুৱা ভাষণ প্রদান কৰে। এবাৰ বিজয়া দশমীৰ দিনা আৰু দ্বিতীয়বাৰ সংঘৰ কৰ্মকর্তাৰ প্রশিক্ষণ পৰ্বৰ সামৰণিত। অৱশ্যে প্রশিক্ষণ পৰ্বৰ সামৰণিত দিয়া ভাষণত ৰাজনৈতিক বিষয় অন্তর্ভুক্ত নহয়। কিন্তু এইবাৰ নিৰ্বাচনী ফলাফলৰ পাছতে সংঘৰ প্ৰশিক্ষণ বৰ্গৰ সমাপ্তিত ভাগৱতে নাগপুৰত প্ৰদান কৰা ভাষণ সাধাৰণতকৈ যথেষ্ট আক্রমণাত্মক পৰিলক্ষিত হয়। তেওঁ ঘাইকৈ চাৰিটা বিষয় দাঙি ধৰে। প্ৰথমতে, যোৱা এবছৰ ধৰি গোষ্ঠী সংঘৰ্ষত দগ্ধ হোৱা মণিপুৰত হিংসা প্ৰতিৰোধ চৰকাৰৰ প্ৰাথমিক অগ্রাধিকাৰ হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। ঘৃণা তথা হিংসাই দেশৰ এক গুৰুত্বপূৰ্ণ অংশ মণিপুৰত অৰাজকতা বিয়পাই দিছে বুলিও তেওঁ আক্ষেপ প্রকাশ কৰে।

উল্লেখ্য যে দেশৰ গুৰুত্বপূর্ণ সীমান্তৱতী উত্তৰ-পূবৰ এই ৰাজ্যখনৰ পৰিস্থিতিক লৈ প্রধানমন্ত্রী মোদী তথা কেন্দ্ৰৰ – নির্লিপ্ততাৰ পৰিপ্ৰেক্ষিতত যোৱা ২০২৩ৰ বিজয়া দশমীৰ ভাষণতো ভাগৱতে উদ্বেগ প্রকাশ কৰি পৰিস্থিতি নিয়ন্ত্রণত গুৰুত্ব দিছিল।

দ্বিতীয়তে, ভাগবতে কয় যে দেশক নিঃস্বার্থ আৰু সঁচা সেৱাৰ প্ৰয়োজন। যিয়ে মর্যাদা পালন কৰি কাম কৰে, অথচ অহংকাৰ নকৰে, তেৱেই নিজকে সেৱক বুলি কোৱাৰ অধিকাৰ লাভ কৰে। সততে নিজকে প্রধানমন্ত্রীৰ পৰিৱৰ্তে প্রধান সেৱক বুলি অভিহিত কৰা প্রধানমন্ত্রী মোদীক লক্ষ্য কৰিয়েই যে নাম উল্লেখ নকৰিলেও ভাগৱতে এই মন্তব্য কৰিছে তাক লৈ কাৰো মনত দ্বিধা নাই। তৃতীয়তে, দেশৰ বিৰোধী দলসমূহৰ সম্পৰ্কত সংঘৰ মুৰব্বীগৰাকীয়ে দাঙি ধৰা ভাষ্যই যথেষ্ট চর্চা লাভ কৰিছে। তেওঁ কয় যে শাসক আৰু বিৰোধীৰ আদর্শ তথা চিন্তাধাৰা পৃথক হ’ব পাৰে; কিন্তু বিৰোধীৰ ভাষ্যকো সম্মান দিয়া উচিত। তেওঁ আনকি বিৰোধী শব্দৰ পৰিৱৰ্তে প্ৰতিপক্ষ শব্দহে প্রয়োগ কৰিব লাগে বুলিও মন্তব্য কবে।

এই প্রসংগতে তেওঁ আৰু কয় যে নির্বাচন কোনো যুদ্ধ নহয়, প্রতিযোগিতাহে। গতিকে ইয়াৰ সীমা থকা উচিত; কিয়নো মিথ্যাব আশ্রয় লৈ সফল হ’ব নোৱাৰি। এইবাৰৰ নিৰ্বাচনী প্ৰচাৰত যথেষ্ট সমালোচনা চলিল আৰু সমাজত ঘৃণা সৃষ্টিৰ চেষ্ট কৰা হ’ল। অকাৰণত আৰএছএছৰ দৰে সংগঠনকো এনে প্রচাৰত সাঙুৰিবলৈ চেষ্ট কৰা হ’ল বুলিও তেওঁ আক্ষেপেৰে  মন্তব্য কৰে।

আনহাতে, তাৰ পাছদিনাই সংঘৰ মুখপত্র ‘অর্গেনাইজাৰ’ত নির্বাচনী কালছোৱাত বিজেপিৰ ভূমিকাক লৈ গভীৰ অসন্তুষ্টি ব্যক্ত কৰা হয়। ‘মোদীৰ গেৰাণ্টী’, ‘অৱ কী বাৰ ৪০০ পাৰ’ আদি শ্ল’গানৰ দ্বাৰা বিজেপি কর্মকর্তাসকল অত্যধিক আত্মবিশ্বাসী হৈ পৰা হেতুকে নির্বাচনত ইয়াৰ ফল ভুগিবলগীয়া হোৱা বুলি মুখপত্ৰত উল্লেখ কৰা হয়। আনকি এইবাৰৰ নির্বাচনত স্বয়ংসেৱকসকলক সহযোগ কৰিবলৈ বিজেপিয়ে নোকোৱাক লৈও প্রশ্ন উত্থাপন কৰা হয়। তদুপৰি মহাৰাষ্ট্ৰৰ প্ৰসংগ উত্থাপন কৰি আন দলত বিভাজন ঘটাই বিজেপিয়ে কৰি অহা ৰাজনীতিক অপ্রয়োজনীয় আখ্যা দিয়া হয়।

এইসকলেই নহয়, বিজেপি-আৰএছএছৰ স’তে বিশেষভাৱে জড়িত আন কিছুসংখ্যক ব্যক্তিয়েও এই প্রসংগত বিজেপিৰ শীর্ষ নেতৃত্বৰ প্ৰতি অভিযোগৰ আঙুলি টোৱাইছে। অৱশ্যে বিজেপিৰ শীর্ষ নেতৃত্ব এই প্রথমবাৰলৈ আৰএছএছৰ দ্বাৰা সমালোচিত হোৱা নাই। ২০০৪ত নির্বাচনত পৰাজয়ৰ পাছত অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীক মুকলিকৈ সমালোচনা কৰিছিল সংঘৰ তদানীন্তন সৰসংঘচালক কে এছ সুদর্শনে। তেওঁ আনকি দুয়োকে ৰাজনীতিৰ পৰা সন্ন্যাস ল’বলৈও পৰামৰ্শ আগবঢ়াইছিল।

লক্ষ্যণীয়ভাৱে নিৰ্বাচনৰ ভৰপকৰ সময়ত যোৱা ১৭ মে’ত বিজেপি সভাপতি জে পি নড্ডাই এখন ৰাষ্ট্ৰীয় কাকতক দিয়া সাক্ষাৎকাৰত কয় যে এতিয়া আৰু বিজেপিক সংঘৰ প্ৰয়োজন নাই, বিজেপিয়ে নিজেই ৰাজনৈতিক সিদ্ধান্ত ল’বলৈ সক্ষম। তেওঁৰ এই ভাষ্যক লৈ আৰএছএছত ক্ষোভৰ সৃষ্টি হ’ব বুলি বহুতেই ধাৰণা কৰিছিল, আনকি ইয়ে দুয়োপক্ষৰ মাজত সংঘাতৰ বহিঃপ্রকাশ ঘটোৱা বুলিও একাংশই মন্তব্য কৰিছিল। অৱশ্যে সংঘ অথবা বিজেপিৰ কোনো এটা পক্ষই এই সম্পর্কত কোনো প্রতিক্রিয়া অথবা স্পষ্টীকৰণ দাঙি নধৰিলে। সেয়েহে নড্ডাৰ এই ভাষ্য সংঘ আৰু বিজেপিৰ সহমতত প্রকাশ কৰা বুলিয়ে নিশ্চিত হ’ব পাৰি।

ইয়াৰ অন্যথা তেওঁলোকে তাৎক্ষণিকভারে প্রতিক্রিয়া প্রকাশ কৰিলেহেঁতেন। অৱশ্যে বিজেপি সভাপতিৰ ভাষ্যই সংঘৰ একাংশ কর্মকর্তাৰ মনত আঘাত নিদিয়াকৈ থকা নাই। চর্চা যিয়েই নহওক, ভাগৱত আৰু সংঘৰ অন্যান্য বিষয়ববীয়াৰ ভাষ্যক বিজেপিৰ স’তে ইয়াৰ সংঘাতৰ বহিঃপ্রকাশ বুলি পতিয়ন যাব নোৱাৰি। কিয়নো মৌলিক বিষয়সমূহত সংঘ আৰু বিজেপিৰ মতভেদ নাই। যিসমূহ লক্ষ্য আৰু উদ্দেশ্যহলৈ উভয়ে কাম কৰি আহিছে, সেইসমূহ উভয় পক্ষৰ সহমতত  নির্ধাৰণ কৰা হৈছে। এহাতে সংঘই সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰত আৰু আনহাতে বিজেপিয়ে প্রশাসন তথা আর্থিক নীতিৰ ক্ষেত্ৰত সম্পূর্ণ স্বাধীনভাবে কাম কৰিবলৈ নিজস্ব ক্ষেত্ৰ নির্দিষ্ট কৰি লৈছে। গতিকে সংঘ আৰু বিজেপিয়ে কি লক্ষ্যত উপনীত হ’বলৈ বিচাৰিছে, সেয়া স্পষ্ট।

অৱশ্যে ।চৰকাৰ পৰিচালনাক লৈ কিছু অসন্তুষ্টি থাকিব পাৰে। বিশেষকৈ চৰকাৰ পৰিচালনাৰ ক্ষেত্ৰত প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ একাধিপত্যক লৈ বিভিন্ন মহলত অসন্তুষ্টি লুকাই থকা নাই। বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি তিনিখনকৈ কৃষিআইন বলৱৎ কৰি পাছত প্রত্যাহাৰ কৰালৈকে প্রতিটো ক্ষেত্রত মোদী-শ্বাহ যুটিয়ে যথেচ্ছাচাৰ কৰি অহাৰ অভিযোগ আছে। তেনেদৰেই বিগত এক দশকত কিছু কিছু ক্ষেত্ৰত সংঘৰ একাংশ কর্মকর্তা আৰু তেনেদৰেই বিজেপিবো ক্ষমতাসীন একাংশ নেতাই পৰস্পৰৰ সীমা অতিক্ৰম কৰি গৈছে।

গতিকে তেনে দুই-এক ক্ষেত্রত সংঘাত হয়তো হ’ব পাৰে; কিন্তু সেয়া কিমানদূৰ আনুষ্ঠানিক হ’ব সেয়া সময়েহে ক’ব। সুদীর্ঘ কাল ধৰি প্ৰতিটো নির্বাচনত আৰএছএছে বিজেপিৰ হৈ তৃণমূলত যথেষ্ট কাম কৰি আহিছে। নির্বাচনত উভয়ে সুপৰিকল্পিতভাৱে ভোটদানৰ হাৰ বৃদ্ধিৰ পৰা বিজেপিৰ ভোট নিশ্চিত কৰালৈকে প্ৰতিটো ক্ষেত্ৰতে সমিলমিলৰে কাম কৰে। সদ্যসমাপ্ত নির্বাচনত তাৰ কিছু অভাৱ পৰিলক্ষিত হোৱা বুলি একাংশ মহলে অৱশ্যে ক’ব খোজে।

দৰাচলতে বিজেপিক লৈ সংঘৰ বিশেষ অভিযোগ নাই। সংঘৰ ঔৰসতে জন্ম লাভ কৰা বিজেপিয়ে ইয়াৰ কাৰ্যসূচীসমূহকে ক্ষমতা লাভৰ জৰিয়তে আগবঢ়াই নিছে। ৰাম মন্দিৰ নিৰ্মাণ, কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বিলুপ্তি আদি সম্পন্ন কৰিছে। উমৈহতীয়া দেৱানী বিধি প্রয়োগকে ধৰি অন্যান্য বিষয়সমূহতো বিজেপি ইতিমধ্যে যথেষ্ট আগবাঢ়িছে। সেয়েহে এনেবোৰ আধৰুৱা লক্ষ্য সম্পূৰ্ণ কৰিবলৈ এইবাৰৰ নিৰ্বাচনত নিৰংকুশসংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে চৰকাৰ গঠন কৰাটো সংঘ পৰিয়ালৰ কাম্য আছিল; কিন্তু অৱশেষত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লেও সহযোগী দলৰ সমৰ্থনৰ প্ৰয়োজন হ’ল।

বিজেপি তথা মোদীৰ বিভাজনৰ ৰাজনীতি আৰু আন দলত বিভাজনৰ ৰণকৌশলক লৈ অৱশ্যেই সংঘৰ আপত্তি থাকিব পাৰে। সামগ্রিকভাৱে বিজেপিৰ কোনো ক্ষতি হোৱাটো সংঘৰ কাম্য নহয় আৰু সেয়েহে এনেবোৰ বিষয়ক লৈ অসন্তুষ্টিৰ সৃষ্টি হোৱাটো অস্বাভাৱিক নহয়। ভাগৱতৰ ভাষ্যও ইয়াৰেই পৰিণতি বুলি সেয়েহে ধাৰণা হয়। প্রকৃততে বিজেপিৰ স’তে মতভেদৰ উদ্ভৱ হোৱা হ’লে ভাগৱতে পোনপটীয়াকৈ প্রধানমন্ত্রী মোদীৰ নাম উল্লেখ কৰি সমালোচনা কৰিলেহেঁতেন।

সেয়েহে এয়া সংঘৰ ভাৰসাম্য ৰক্ষাৰ পদক্ষেপ বুলিহে ভবাৰ থল আছে। এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰা ভোটৰ অংশ অথবা আসন হ্রাসেই কেবল নহয়, জয়লাভ কৰা অধিকাংশ আসনতো ব্যৱধান যথেষ্ট কম। ইয়েই প্ৰমাণ কৰে যে দেশত সম্প্রতি বিৰোধীৰ ভেটি শক্তিশালী হৈছে।

তাৰ লগে লগে সংঘই এই ইংগিত দিব বিচাৰিছে যে তেওঁলোক কেবল বিজেপিমুখীয়েই নহয়। নির্বাচনী প্রচাৰত অধিকাংশ বিৰোধী নেতাই বিজেপিৰ লগতে আৰএছএছকো ব্যাপকভারে সমালোচনাৰ লক্ষ্য কৰি লয়। সংবিধান সলনিৰ পৰিকল্পনাৰ লগতে সংৰক্ষণ বাতিলকে ধৰি দৰিদ্ৰ বিৰোধী স্থিতি তথা মুষ্টিমেয় পুঁজিপতিৰ হকে বিজেপি-আৰএছএছে কাম কৰি অহা বুলি দেশজুৰি চলা প্ৰচাৰত সংঘৰ ছবি বিনষ্ট হোৱাৰ আশংকাৰ সৃষ্টি নোহোৱাকৈ থকা নাই। ২০২৫৩ শতবর্ষ গৰকিবলৈ সাজু হোৱাৰ সময়ত এনে এক ভাবমূর্তিৰ সৃষ্টি হোৱাটো কোনোপধ্যে আৰএছএছৰ কাম্য নহয় ৷

সংঘই আগলৈ এনে ধৰণৰ অধিক সমালোচনাৰ সন্মুখীন হ’ব বিচৰা নাই আৰু সেইবাবেই নির্বাচনী ফলাফলৰ পাছত ভাগৱতে এনে কঠোৰ বক্তব্য দাঙি ধৰিছে। অন্যথা নির্বাচনৰ সময়তে তেওঁ বিৰোধী, মণিপুৰ তথা নিঃস্বার্থ সেৱাক লৈ এই মনোভাৱ প্ৰকাশ কৰিব পাৰিলেহেঁতেন।

সি যি কি নহওক, সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ লগে লগে চৰকাৰ চলাবলৈ বিজেপিয়ে যে যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব তাত সন্দেহ নাই। এই ক্ষেত্রত বিজেপিক আৰএছএছৰো অধিক প্রয়োজন হ’ব। তদুপৰি সন্মুখত কে’বাখনো গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নির্বাচন। গতিকে আগন্তুক সময়ছোৱাত ভাগৱত তথা সংঘৰ বক্তব্যক লৈ প্রধানমন্ত্রী মোদী আৰু বিজেপিয়ে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষ্যণীয় হ’ব। বিজেপিৰ নতুন সভাপতি নির্বাচনতে ইয়াৰ ইংগিত স্পষ্ট হ’ব।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPLoksabha Election 2024PM ModiRSS
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d