পশ্চিমবংগতো হ’ব এন আৰ চি : শ্বাহ

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰ হুংকাৰ দিলে বিজেপি সভাপতি অমিত শ্বাহে। বিজেপিয়ে অসমৰ দৰে পশ্চিমবংগতো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ( এন আৰ চি) উন্নীতকৰণ কৰিব বুলি আজি দলৰ ৰাষ্ট্ৰীয় সভাপতিজনে মন্তব্য কৰে । এন আৰ চি উন্নীতকৰণৰ জৰিয়তে অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বিতাৰিত কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়,’ আমি পশ্চিমবংগতো এন আৰ চি উন্নীতকৰণ কৰিম। তেওঁলোক আমাৰ দেশৰ অংগ।’ তেওঁ হিন্দু শৰণাৰ্থীক দেশে আশ্ৰয় দিব বুলিও আওপকীয়াকৈ ঘোষণা কৰে । আনহাতে, আসন্ন লোকসভা নিৰ্ব্বাচন পশ্চিমবংগত গণতন্ত্ৰ ৰক্ষাৰ প্ৰচেষ্টা বুলিও শ্বাহে দাবী কৰে। তেওঁ কয় যে সম্প্ৰতি পশ্চিমবংগত তৃণমূল শাসনত ব্যাপক ছিণ্ডিকেটৰাজ চলিছে।

ADVERTISEMENT
Exit mobile version