‘এৱছু প্ৰমোদ বড়োৰ নিজা সম্পত্তি নহয়,তেওঁ ছাত্ৰ সংগঠনৰ নেতা, পৃঠক বড়োলেণ্ড লাগে বুলি তেওঁ শ্ন’গান দি আছে, কিন্তু পৃঠক বড়োলেণ্ড লাগে বুলি আজিও এখন মেমোৰেণ্ডাম দিব পৰা নাই কিয়? গতিকে তেওঁ বড়ো সমাজক ঠগাই আছে।তেওঁ এজন বেপাৰী।তেওঁ এৱছু আৰু বড়ো সমাজক বিক্ৰী কৰিছে।’এনেদৰে সমালোচনাৰ বাক্যবাণ মাৰে বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীয়ে।আজি ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ তামুলপুৰত অনুষ্ঠিত এখন নিৰ্বাচনী সমাবেশত অংশ লৈ এৱছুৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে সমালোচনা মুখৰ হৈ নেতা গৰাকীয়ে পুণৰ কয় যে প্ৰমোদ বড়োই তেজপুৰ আৰু মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীক থিয় কৰাই কংগ্ৰেছ, বিজেপিৰ সৈতে দৰদাম কৰি বড়ো জাতিক বিক্ৰী কৰিছে।ক’ত কিমাণ টকা লৈছে সেইটো মই পিছত জনাম।প্ৰসংগ ক্ৰমে তেওঁ ৰগৰ কৰি কয় যে প্ৰমোদ বড়োই নিৰ্বাচন নেখেলে কিয়?তামুলপুৰত বিধান সভাৰ নিৰ্বাচন খেলিলে তেওঁক পৰাজিত কৰিম।আনহাতে ইউপিপি দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মক সমালোচনা কৰি মহিলাৰীয়ে কয় যে ইউ জি ব্ৰহ্ম কি মানুহ,তেওঁ কিবা এটা কয় কিবা এটা কৰে।তেওঁ বিটিচি চুক্তি কৰিব নালাগে বুলি আমাক বাধা দিছিল।তেওঁৰ মতে চলিলে আমি একো নাপালো হয় বুলি বিটিচি প্ৰধান গৰাকীয়ে বক্তব্য আগবঢ়ায়।
প্ৰমোদ বড়োই বড়ো জাতিক বিক্ৰী কৰিছে, নৱ কুমাৰ শৰণীয়াই জাতি-জনগোষ্ঠীৰ মাজত বিভেদৰ সৃষ্টি কৰিছে :হাগ্ৰামা মহিলাৰী
-
By publisher

ADVERTISEMENT
- Categories: Loksabha Election, News, Politics
- Tags: BPFHagrama MohilaryLoksabha ElectionPramod Bodo
Related Content
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
By
publisher
May 10, 2025
ভাৰত-৫, পাকিস্তান-৩... বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
By
publisher
May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
By
publisher
May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
By
publisher
May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
By
publisher
May 10, 2025