টেঙাখাতত আই ডি সদৃশ বোমা উদ্ধাৰ

লোকসভা নিৰ্ব্বাচনৰ বতাহৰ মাজতে যোৱা নিশা ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত এটা আই ই ডি সদৃশ বোমা উদ্ধাৰ হয়। টেঙাখাতৰ বৰঅভয়পুৰীয়া গাঁৱৰ তিনিআলিৰ লোহাৰ পাইপৰ দলঙৰ নিচেই ওচৰৰ পৰা আৰক্ষীয়ে বোমাটো উদ্ধাৰ কৰে। পাছত মাজনিশা আৰক্ষীয়ে বোমা বিশেষজ্ঞৰ উপস্থিতিত বোমাটো নিস্ক্ৰিয় কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা ১০বজাত বোমাটো প্ৰত্যক্ষ কৰা হয়। ইয়াৰ লগে লগে আৰক্ষীয়ে স্হানীয় লোকক ঘৰৰ পৰা নোলাবলৈ আৰু লাইট নুমুৱাবলৈ নিৰ্দেশ দিয়ে। পাছত নিশা এক বজাত আৰক্ষীয়ে স্হানীয় লোকক মাতি আনি বোমাটো দেখুৱায়। অৱশ্যে কোনে কি উদ্দেশ্যেত বোমাটো ৰাখিছিল, তাৰ তথ্য প্ৰকাশৰ পৰা আৰক্ষী বিৰত আছে।

ADVERTISEMENT
Exit mobile version