‘মে-ভি চকীদাৰ ‘ অৰ্থাৎ ময়ো চকীদাৰ অভিযানক লৈ আন এক বিশাল নিৰ্ব্বাচনী প্ৰচাৰ চলাবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ৩১ মাৰ্চৰ বিয়লি অসমৰ চৈধ্যটাকে ধৰি সমগ্ৰ দেশৰ পাঁচশ স্হানত এই অভিযানৰ অংশৰূপে বিভিন্ন শ্ৰেণীৰ লোকৰ লগত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে মোদীয়ে বাৰ্তালাপ কৰিব । এই কথা সদৰী কৰে দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। উল্লেখ্য যে এই প্ৰচাৰত প্ৰথম ভোট দিবলৈ ওলোৱা ভোটাৰসকলক অন্যতম লক্ষ্য কৰি লোৱা হৈছে । তদুপৰি ইয়াত অংশগ্ৰহণ কৰিব বিজেপি আৰু এন ডি এৰ অংশীদাৰ দলৰ নেতৃবৃন্দ, বিভিন্ন বৃত্তিমুখী কাৰ্যত জড়িত লোক, খেতিয়ক, অৱসৰপ্ৰাপ্ত চাকৰিয়াল, ব্যৱসায়ী আদিয়ে । ভট্টাচাৰ্যই কয়, ‘চকীদাৰ শব্দটোৰ প্ৰধানমন্ত্ৰীয়ে দিয়া সংজ্ঞা অনুসৰি দৰিদ্ৰতা, দূৰ্নীতি,অপৰিচ্ছন্নতা,সন্ত্ৰাসবাদ আৰু অন্য সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজি থকা প্ৰতিজন ব্যক্তিয়ে একো একোজন চকীদাৰ । কিন্তু কংগ্ৰেছ আৰু অন্যান্য একাংশই তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থৰ সিদ্ধিৰ বাবে এই অভিযানৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে । তাৰ দ্বাৰা দেশৰ প্ৰতিজন অতন্দ্ৰ প্ৰহৰীক অপমান কৰা হৈছে । ছ’চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ততো সকলো শ্ৰেণীৰ ৰাইজে এই অভিযানৰ প্ৰতি সমৰ্থন জনাইছে। ‘মে ভি চকীদাৰ’-এ টুইটাৰত ৩০ লাখকে ধৰি ১৬৮০লোকৰ বিশ্বজুৰি সঁহাৰি লাভ কৰিছে । এক কোটিতকৈও অধিক লোকে এই অভিযানৰ ভিডিঅ’ দৰ্শন কৰিছে ।’
মোদীৰ ‘মে ভী চকীদাৰ’ক লৈ বৃহৎ প্ৰচাৰ অভিযান
-
By publisher

- Categories: Loksabha Election, News, Politics
- Tags: Chowkidar Narendra ModiLoksabha Election
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025