বহি:ৰাজ্যৰ তিনি পুৰুষ-মহিলাক সুদীৰ্ঘ ২৮ দিন আবদ্ধ কৰি ৰাখি মুক্তিপণ বিছৰা অভিযোগত গ্ৰেপ্তাৰ হ’ল বিহপুৰীয়া পৌৰসভাৰ এজন ৱাৰ্ড কমিচনাৰ । এগৰাকী মহিলা আৰু দুজন পুৰুষক নিজ গৃহতে আবদ্ধ কৰি ৰাখি এক লাখ ৫০ হেজাৰ টকা মুক্তিপণ আদায় কৰি গ্ৰেপ্তাৰ হোৱা লোকজন হৈছে বিহপুৰীয়া পৌৰসভাৰ এক নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ নজিব আহমেদ। আবদ্ধ লোকসকলক অভিযুক্ত ৱাৰ্ড কমিচনাৰজনৰ লগত তেওঁৰ পত্নী নাজিমা আহমেদে প্ৰৱল মানসিক তথা শাৰীৰিক নিৰ্যাতন চলোৱা অভিযোগ উৎত্থাপিত হৈছে । আৰক্ষী সূত্ৰই জনোৱা মতে, ধন ঘটাৰ কৌশল ৰচনা কৰিয়ে অভিযুক্ত আহমেদে পশ্চিমবংগৰ নিউজলপাইগুৰিৰ বাসিন্দা অনিমা প্ৰসাদ লেপ্সা(৬৫) , জন ক্ৰুছ তিৰ্কী(৭০),ৰত্নেশ্বৰ ৰয় (৪০)ক দীৰ্ঘদিনে পণবন্দী কৰি ৰাখিছিল । ঘটনাৰ বিৱৰণি অনুসৰি, বিহপুৰীয়াৰ নিবাসী আহমেদৰ স’তে কিছু বছৰ পূৰ্বে ব্যৱসায়িক সূত্ৰে অনিমা প্ৰসাদৰ পৰিচয় ঘটে। পাছলৈ তেওঁলোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱাত অনিমা প্ৰসাদে আহমেদৰ পত্নীক ভগ্নীৰ মৰ্যাদা দিয়ে। এই ঘনিষ্ঠতাৰ সূত্ৰে অনিমা প্ৰসাদে তেওঁৰ ভৃত্য ৰত্নেশ্বৰ আৰু বন্ধু জন ক্ৰুছৰ স’তে যোৱা এক মাৰ্চত আহমেদৰ ঘৰলৈ ফুৰিবলৈ আহে। কিন্তু আহমেদ আৰু তেওঁৰ পত্নীয়ে তিনিওকে আবদ্ধ কৰি ৰাখি ব্লেকমেইলিং আৰম্ভ কৰে। অনিমা প্ৰসাদ আৰু জন ক্ৰুছৰ ম’বাইল ফোন আৰু এ টি এম আদিও হস্তগত কৰি আহমেদ দম্পতীয়ে তেওঁলোকৰ দ্বাৰাই পৰিয়ালৰ পৰা ধন দাবী কৰে। লগতে আহমেদে তেওঁলোকৰ পৰা 10 লাখ টকা পাবলগীয়া আছে বুলি এখন কাগজত লিখাই লৈ দুই এপ্ৰিলৰ ভিতৰত ধন আদায় দিয়াৰ সময়সীমা বান্ধি দিয়ে। ইতিমধ্যে জন ক্ৰুছৰ পৰিয়ালে মুক্তিপণৰ বাবদ এক লাখ ৫০ হেজাৰ টকা আহমেদক আদায় দিয়ে। উল্লেখ্য যে নিজ একাউন্টৰ জৰিয়তে ধন লৈ ধৰা পৰাৰ আশংকাত ধূৰ্ত ৱাৰ্ড কমিচনাৰজনে অনিমা প্ৰসাদৰ নামত ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ বিহপুৰীয়া শাখাত এটা একাউন্ট খোলে। লগতে নিজ স্হানীয় অভিভাৱক হৈ নমীনীও নিজে লয়। অহা দুই এপ্ৰিলত পণবন্দীসকলৰ পৰিয়ালে উক্ত একাউন্টৰ জৰিয়তে ন লাখ টকা আদায় দিয়াৰ কথা আছিল । কিন্তু যোৱা নিশা অনিমা প্ৰসাদে কৌশলেৰে আহমেদৰ কৱলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। বহি:ৰাজ্যৰ মহিলাগৰাকীয়ে মুক্ত হৈয়ে বিহপুৰীয়া আৰক্ষী থানাত উপস্থিত হৈ সকলো কথা বিবৰি কয়।
২৮ দিন পণবন্দী বহি:ৰাজ্যৰ তিনি পুৰুষ-মহিলা
-
By publisher
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025