ডিগবৈত বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ বিস্ফোৰন : পৱন সিঙ ঘাটোৱাৰে চাহ শ্ৰমিকক শোষন কৰিছে

সমাগত লোকসভা নিৰ্বাচনকলৈ ৰাজ্যখনত বিজেপি, অগপ, কংগ্ৰেছ আদি প্ৰায়বোৰ দলৰ প্ৰাৰ্থীয়ে মাৰাথন প্ৰচাৰ সভা অব্যাহত ৰখাৰ সময়তে আজি ডিগবৈত বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে প্ৰচাৰ চলায়।কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিঙ ঘাটোৱাৰক প্ৰতিখন সভাতে তেলীয়ে

তীব্ৰ সমালোচনা কৰে।

তেওঁ কয়,’ চাহ শ্ৰমিকক শোষন কৰিছে পৱন সিঙ ঘাটোৱাৰে ৷ চাহ মজদুৰ সংঘৰ নামত চাহ শ্ৰমিকৰ পৰা বছৰী ৬০ টকা লয় ঘাটোৱাৰে ৷ কিন্তু ইয়াৰ হিচাপ নিদিয়ে ৷ চাহ শ্ৰমিকক শোষনো কৰিছে আৰু ভোট বেংক হিচাপে ব্যৱহাৰো কৰিছে ঘাটোৱাৰে৷’ ডিগবৈৰ ১০ খন প্ৰচাৰ সভাত ভাগ লৈ তেলীয়ে দেশ তথা অসমৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে বিজেপিক ভোট দিব বুলি কয় ৷ সভাত বিধায়ক সুৰেন ফুকনে তেলীয়ে নিৰ্বাচনত ডিগবৈত অভিলেখ সংখ্যক ভোট লাভ কৰাতো নিশ্চিত বুলি কয় ৷

Exit mobile version