দেশৰ গণতন্ত্ৰৰ ৭০ বছৰ হ’ল। এইবাৰ সপ্তদশ লোকসভা গঠনৰ বাবে নিৰ্ব্বাচন অনুষ্ঠিত কৰা হৈছে । ১৯৫১-৫২ত অনুষ্ঠিত প্ৰথমবাৰ লোকসভা নিৰ্ব্বাচনত ভোটদান কৰা ৰামপ্ৰসাদ শৰ্মা নামৰ লোকজনে এইবাৰো লোকসভা নিৰ্ব্বাচনত ভোটদান কৰিব । সম্প্ৰতি তেওঁৰ বয়স ১০৭ বছৰ । তেওঁ সকলো লোকসভা নিৰ্ব্বাচনতে ভোটদান কৰিছে । অৰ্থাৎ এইবাৰ তেওঁ ১৭বাৰৰ বাবে লোকসভা নিৰ্ব্বাচনত ভোটদান কৰিব । এই অশীতিপৰ বৃদ্ধজন হৈছে উত্তৰ প্ৰদেশৰ খান্দৌলি নগৰৰ নিকটৱৰ্তী ছেমৰা গাঁওৰ বাসিন্দা । সম্প্ৰতি তেওঁ দৈহিকভাৱে অসুস্থ যদিও ভোটদান কৰাটো নিশ্চিত বুলি প্ৰকাশ কৰিছে । ‘ মোৰ দৈহিক অৱস্থা ভাল নহয় । কিন্তু মই ভোটদান কৰিবলৈ যোৱাটো নিশ্চিত । মই সকলোকে ভোটদান কৰিবলৈ আহ্বান জনাইছো । কাৰণ ই হৈছে আমাৰ দেশৰ প্ৰতি কৰিব পৰা সবাতোকৈ গুৰুত্বপূৰ্ণ কাম ।’ শৰ্মাৰ পুত্ৰৰ বয়স সম্প্ৰতি ৭৫ বছৰ । তেওঁ কয় যে তেওঁৰ পিতৃয়ে সাক্ষাৎ ঘটা সকলোকে ভোট দিবলৈ উৎসাহিত কৰিছে । তেওঁৰ পিতৃয়ে প্ৰতিদিনে বাতৰি কাকত পঢ়ি চৌদিশে ঘটা ঘটনাৰ খবৰ ৰাখে।
লোকসভা নিৰ্ব্বাচনত ১৭বাৰৰ বাবে ভোট দিব লগা ৰামপ্ৰসাদ শৰ্মা
-
By publisher

- Categories: Loksabha Election, News
- Tags: Loksabha Election
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025