এইবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে দৰিদ্ৰ পৰিয়ালক মাহিলি ছহেজাৰ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে সম্প্ৰতি আন এক চমক দিছে। ২০ শতাংশ দৰিদ্ৰ পৰিয়ালক উপকৃত কৰিবলৈ কংগ্ৰেছে মুকলি প্ৰতিশ্ৰুতি দিয়া ‘ন্যায় ‘ আঁচনিক লৈ চৰ্চা অব্যাহত সময়তে দলৰ সভাপতিজনে কয় যে দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে ২০২০ৰ ৩১ মাৰ্চৰ ভিতৰত ২২ লাখ চৰকাৰী পদবীত নিযুক্তি সম্পন্ন কৰা হ’ব। তেওঁৰ ভাষ্যৰ দ্বাৰা দেশত সম্প্ৰতি ২২ লাখ চৰকাৰী চাকৰিৰ পদ খালী থকাটো স্পষ্ট হৈছে । এই বিষয়ে ঘোষণা কৰি কালি কংগ্ৰেছ সভাপতিজনে টুইটাৰত কয়,’ ২২চৰকাৰী পদ আজি খালী হৈ আছে। আমি এই পদসমূহ ২০২০ৰ মাৰ্চৰ ভিতৰত পূৰণ কৰিম।’ এই পদসমূহ পূৰণৰ বিপৰীতে স্বাস্থ্য, শিক্ষা আদি খণ্ডত কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰক পুঁজি হস্তান্তৰৰো প্ৰতিশ্ৰুতি তেওঁ দিছে । লক্ষ্যণীয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সংস্থাপনৰ সুযোগ হ্ৰাস পাইছে আৰু চৰকাৰে নতুন সংস্থাপনৰ সুবিধা সৃষ্টি কৰিব পৰা নাই বুলি অভিযোগ কৰি আহিছে ।
২০২০ৰ মাৰ্চৰ ভিতৰত ২২ লাখ চৰকাৰী পদবীত নিযুক্তিৰ প্ৰতিশ্ৰুতি এইবাৰ ৰাহুলৰ নতুন চমক
-
By publisher

ADVERTISEMENT
- Categories: Loksabha Election, News, Politics
- Tags: CongressRahul Gandhi
Related Content
Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ
By
publisher
May 12, 2025
পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ !
By
publisher
May 12, 2025
প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ?
By
publisher
May 12, 2025
India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা
By
publisher
May 12, 2025
যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !
By
publisher
May 12, 2025