৫৪ নং পশ্চিম গুবাহাটী সমষ্টিৰ ভিন্ন স্থানত নিৰীক্ষণৰ দায়িত্বত থকা বিষয়া ক্ৰমে আলিকমল হুছেইন, আৰু দিপাংকৰ হাজৰিকাই বৰপেটা ফুলবাৰী জাহাংগীৰ আলম নামৰ বাব্যসায়ীজনৰ ব্যৱসায়ৰ বাবে অনা ২;৫০লাখ টকাৰ নিৰ্বাচন আচৰণ বিধি উলংঘা হোৱাৰ উজুহাত দেখুৱাই ৫০ হাজাৰ টকা কাঢ়ি লৈ গৈছিল ।পামহি
ৰ ওচৰত চেকিং চলাই কাঢ়ি লৈছিল ধন খিনি । পিছত গড়চুক আৰক্ষীয়ে জাহাংগীৰৰ এজাহাৰৰ ভিত্তি গ্ৰেপ্তাৰ কৰে বিষয়া দুজনক।উল্লেখ্য যে,ধৃত আলীকমল হাজৰিকা গ্ৰাম সেবক চন্দ্ৰপুৰ শাখাৰ, আৰু দীপাংকৰ হাজৰিকা ভূমি সংৰক্ষন বিভাগৰ ৰেঞ্জাৰ।