কলিয়াবৰ : কলিয়বৰৰ শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ চমুৱা বৰনামঘৰত শিশুৰ দ্বাৰা অভিনীত “ৰাম বিজয়” অঙ্কীয়া নাট সোমবাৰে নিশা প্ৰদৰ্শিত হয়। সত্ৰীয় কলা-কৃষ্টিৰ প্ৰতি নৱ-প্ৰজন্মৰ আগ্ৰহ বৃদ্ধিৰ এক যোগাত্মক পদক্ষেপ বুলি সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে। স্থানীয় শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ গুণগ্ৰাহী তথা পাৰদৰ্শী যুৱক শ্বাৱন কুমাৰ মহন্তই শিশুসকলক যোৱা দুমাহ ধৰি অঙ্কীয়া নাটৰ প্ৰশিক্ষণ দি উপযুক্ত কৰি তুলিছিল। শিশুসকলৰ অভিনয়ে উপস্থিত দৰ্শক ৰাইজৰ বিপুল সমাদৰ লাভ কৰে। বৰভকতি গাঁৱৰ উদ্যোগী ব্যক্তি প্ৰয়াত চম্পক বৰাৰ সোঁৱৰতত আয়োজিত দুদিনীয়া এই ভাওনা উৎসৱত শিশুসকলৰ ৰাম বিজয়ৰ উপৰিও জ্যেষ্ঠসকলে আজি “ক্ষেত্ৰবাহু বধ” নাট প্ৰদৰ্শন কৰে।
কলিয়াবৰত শিশুৰ দ্বাৰা অভিনীত শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত “ৰাম বিজয়” অঙ্কীয়া নাট
-
By publisher
- Categories: News, Spirituality
Related Content
Fake branch in Assam Sahitya Sabha: সাহিত্য সভাত ওলাইছে ভুৱা শাখা, ন্যস্তস্বার্থ পূৰণৰ বাবে গঠন অস্তিত্বহীন শাখা
By
publisher
November 22, 2024
World Heritage Week is celebrated in Charaideo:বিশ্ব ঐতিহ্য সপ্তাহ উদযাপনৰ অংশ হিচাপে চৰাইদেউ মৈদাম দৰ্শন সৰ্বানন্দ সোণোৱালৰ
By
publisher
November 21, 2024
Nalbari Sri Sri Harimandir Rash: নলবাৰী শ্রীশ্রী হৰিমন্দিৰৰ ৯১ সংখ্যক ৰাস মহোৎসৱ সপ্তামদিনা ভক্তপ্রাণ ৰাইজৰ ভিৰ
By
publisher
November 21, 2024
Police cut the Chailan of Nitish Kumar's car again:পুনৰ নীতিশৰ গাড়ীৰ চালান কাটিলে আৰক্ষীয়ে !
By
publisher
November 21, 2024
Bhutan's silicon factory is causing serious pollution in Assam:ভূটানৰ ছিলিকন কাৰখানাৰ পৰা অসমৰ ভূমিত ভয়াৱহ প্ৰদূষণত উদ্বেগ
By
publisher
November 21, 2024