গোৱালপাৰা জিলাৰ টিপলাইত প্ৰচণ্ড শিলাবৃষ্টিঃঘৰ দুৱাৰৰ বিস্তৰ ক্ষতিসাধন

1

কৃষ্ণাই : গোৱালপাৰা জিলাৰ ৰংজুলি আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ ওপৰেৰে আজি দুপৰীয়া পাৰ হৈ গ’ল এজাক ভয়ংকৰ ধুমুহা ৷ আজি দুপৰীয়া প্ৰায় ২ বজাত অহা এই ধুমুহাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰে ৷ ধাৰাসাৰ বৰষুণ আৰু প্ৰবল শিলাবৃষ্টিৰ ফলত বিভিন্ন লোকৰ ঘৰ দুৱাৰ,খেতি বাতিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে বহু যান-বাহনো ক্ষতিগ্ৰস্ত হয় ৷ আকস্মিকভাবে সংঘটিত এই প্ৰাকৃতিক পৰিঘটনাৰ ফলত বিশেষকৈ ক্ষতিগ্ৰস্ত হয় টিপলাইৰ খোলেপাৰা,ঘাগ্ৰা আদি অঞ্চল ৷ এই সন্দৰ্ভত টিপলাই খোলেপাৰা নিবাসী শকুন্তলা নাথে জনোৱা মতে,আজিৰ ধুমুহা জাকত বৰষুণতকৈ শিলাবৃষ্টিৰ পৰিমাণ আছিল অতি বেছি ৷ প্ৰায় দুশ-তিনিশ গ্ৰাম ওজনৰ শিলৰ খুন্দাত অঞ্চলটোৰ প্ৰায় সংখ্যক লোকৰ ঘৰৰ চালৰ টিনপাত চালনিৰ দৰে ফুটি যোৱাৰ ফলত গ্ৰাম্য সমাজৰ জনতা যথেষ্ট ক্ষতিৰ সন্মুখীন হয় ৷ বহুতোৰে ঘৰৰ ভিতৰত বৰষুণৰ পানী পৰাৰ ফলত কাপোৰ কানি নষ্ট হোৱাৰ বিপৰীতে ক্ষতিগ্ৰস্ত হয় শস্যক্ষেত্ৰ ৷ পথাৰত এৰাল দিয়া জীৱ জন্তুও আহত হোৱাৰ বাতৰি পোৱা গৈছে ৷ ইফালে গৰুচটকা, ৰংজুলি, ধনুভঙা, শিমলীতোলা আদি অঞ্চলতো এই শিল- বৰষুণৰ ফলত যথেষ্ট ক্ষতিসাধন হয়।

Exit mobile version