লোকসভা নিৰ্বাচনৰ বাবে প্ৰকাশিত ভোটাৰ তালিকাত বিদেশীৰ অন্তৰ্ভূক্তিত মৰিগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া

aa

দুই বিদেশীক আটক মৰিগাঁও আৰক্ষীৰ

উচ্চ ন্যায়ালয়ে ঘোষণা কৰা অবৈধ বিদেশীৰ নাম মৰিগাঁৱত ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছত আজি চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।চৰকাৰ গঠনৰ দৰে গুৰুত্বপূৰ্ণ কামত অবৈধ বিদেশীয়ে অংশ লোৱাৰ সুবিধা পোৱাৰ দৰে ভয়ংকৰ ঘটনা হোৱাৰ কথা জানিব পাৰি ক্ষোভত ফাটি পৰিছে খিলঞ্জীয়া জনসাধাৰণ। ইয়াৰ সমান্তৰালকৈ গৰজি উঠিছে বিভিন্ন দল সংগঠন। প্ৰৱজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই ক্ষোভেৰে প্ৰকাশ কৰে যে বিজেপি চৰকাৰৰ কাৰ্যকালত উচ্চ ন্যায়ালয়ে ঘোষণা কৰা অবৈধ বিদেশীয়েও চৰকাৰ গঠনত অংশ লোৱাৰ সুবিধা পোৱা হল। ইয়াৰ পিছত আৰু এইখন চৰকাৰৰ জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গান দিয়াৰ কোনো নৈতিক অধিকাৰ নাই । আনহাতে, উক্ত ঘটনাৰ সন্দৰ্ভত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত আৰু সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে উক্ত ভোটাৰ তালিকাত অন্তভূক্ত হোৱা সমূহ অবৈধ বিদেশীৰ নাম শীঘ্ৰে কৰ্তন কৰাৰ দাবীত মৰিগাঁও জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা খনত এটা বিয়াগোম নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় থকাৰ পিছতো এই বিসংগতিসমূহ কেনেকৈ সংঘটিত হব পাৰিছে এইলৈ ৰাইজৰ মাজত এক প্ৰশ্নৰ উদয় হোৱা বুলি সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰে। ইফালে, অনুৰূপ দাবী তুলি কলিতা সেনাৰ মৰিগাঁও জিলা সমিতিৰ আহ্বায়ক ভদ্ৰেশ্বৰ কলিতাই স্বাক্ষৰ কৰা এক স্মাৰক পত্ৰ জিলা নিৰ্বাচনী বিষয়াক প্ৰদান কৰে সংগঠনটোৱে ।উল্লেখ যে উচ্চ ন্যায়ালয়ে ঘোষণা কৰা কেইবাজনো বিদেশীৰ নাম মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ কথা পোহৰলৈ আহে ।

Exit mobile version