নিশাৰ ভিতৰত সলনি হৈছে ৰাজনৈতিক দৃশ্যপট । এই পৰিপ্ৰেক্ষিতত যোৱা নিশা বিজেপি সমৰ্থিত-অগপৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ মুফতি খাইৰুল ইছলামৰ বাসগৃহত উপস্থিত হৈ আশীষ গ্ৰহণ কৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে । চৰ্চা অনুসৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী মহন্তই সংখ্যালঘূ ভোট আদায় কৰাৰ বাবে বিশেষভাৱে তৎপৰ হৈছে । সংখ্যালঘূ লোকক আকৰ্ষণ কৰিবলৈ তেওঁ চলোৱা চেষ্টাৰ অংশ হিচাপে কালি বিধায়ক ইছলামৰ পিতৃ তথা ধৰ্মীয় গুৰুজনাৰ ‘দোৱা’ বিচাৰি যোৱা নিশা আলিটাঙনীৰ ধিং গাঁৱৰ বাসভৱনত উপস্থিত হয় । অৱশ্যে এই যাত্ৰা আছিল অতি গোপন। নিশা প্ৰায় 9•30 বজাত তেওঁ বিধায়কজনৰ অসুস্হ পিতৃ সাক্ষাৎ কৰি ‘দোৱা’ গ্ৰহণ কৰাৰ লগতে মত বিনিময় কৰে। মুফতি ইছলামেও মূৰত হাত ফুৰাই আশীৰ্বাদ দিয়ে মহন্তক। দুয়োৰে মাজত কি মত বিনিময় হ’ল সেয়া এতিয়াও গোপন হৈ আছে । যিয়ে নহওক এই সাক্ষাতৰ আঁৰত ৰাজনৈতিক অংক আছে বুলি চৰ্চিত হৈছে ।
এ আই ইউ ডি এফৰ বিধায়কৰ পিতৃ মুফতিৰ ঘৰত অগপ প্ৰাৰ্থী আশীৰ্বাদ গ্ৰহণক লৈ তুমুল চৰ্চা
-
By publisher
![Assam News Today | এ আই ইউ ডি এফৰ বিধায়কৰ পিতৃ মুফতিৰ ঘৰত অগপ প্ৰাৰ্থী আশীৰ্বাদ গ্ৰহণক লৈ তুমুল চৰ্চা - Dainik Agradoot | juriawww](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2019/04/juriawww.jpg?fit=532%2C397&ssl=1)
- Categories: Loksabha Election, News
- Tags: AgpAIUDFAssam BJP
Related Content
Diabetes increases quietly in winter : জানেনে শীতকালত ডায়বেটিছ নীৰৱে বৃদ্ধি পায় !
By
publisher
February 7, 2025
US plane missing in Alaska:আমেৰিকাত পুনৰ দুৰ্যোগ !
By
publisher
February 7, 2025
Arvind Kejriwal:প্রার্থী ক্ৰয় কৰাৰ অভিযোগ আপৰ,ওলোটাই অভিযোগ বিজেপিৰো
By
publisher
February 7, 2025
Arjun Shiva Thapa wins silver medal in boxing at National Games: ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অৰ্জুন শিৱ থাপাৰ ৰূপৰ পদক লাভ
By
publisher
February 7, 2025
Assam wins two gold medals in boxing:ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ বাবে ভাল খবৰ
By
publisher
February 7, 2025