ৱায়ানড়ত ৰোড শ্ব’ৰ সময়ত আহত সাংবাদিকক সহায় কৰিলে ৰাহুল-প্ৰিয়ংকাই

rahul2

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজি কেৰেলাৰ ৱায়ানড় সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পাছত তেওঁ সমষ্টিটোত এক ৰোড শ্ব’ত অংশ লয়। কংগ্ৰেছ সভাপতিজনৰ এই ৰোড শ্ব’ৰ সময়ত বেৰিকেড ভাঙি এজন সাংবাদিক সামান্যভাৱে আহত হয় । এই দৃশ্য প্ৰতক্ষ কৰি আহত সাংবাদিকজনক ৰাহুল আৰু তেওঁৰ স’তে থকা ভগ্নী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই সহায় কৰে। সাংবাদিকজনক হাস্পতাললৈ প্ৰেৰণৰ বাবে এম্বুলেন্স মাতি অনাত দুয়োজনে সহায় কৰে। ৰাহুলক মনোনয়নপত্ৰ দাখিলৰ সময়ত সংগ দিয়ে কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চাণ্ডী আৰু বিধানসভাৰ বিৰোধী দলপতি ৰমেশ চেনিথালায়ো। আনহাতে, ৰাহুলক অভিবাদন জনাবলৈ আজি ৱায়ানড়ৰ বাট-পথৰ কাষত অনেক সমৰ্থকে ভিৰ কৰে। তেওঁৰ কনভয়লৈ পতাকা জোঁকাৰি অগণন সমৰ্থকে শুভেচ্ছা জনায়। ৰাহুলেও বহু সমৰ্থকৰ স’তে কৰমৰ্দন কৰি শুভেচ্ছা জনায়।

Exit mobile version