আৰক্ষীৰ হাতৰ পৰা অপৰাধী পলায়ন

চুৰিৰ গোচৰত অভিযুক্ত হৈ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা আচামি আজি পলায়ন কৰে তেজপুৰ আদালতৰ পৰা৷  তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাবলৈ অনাৰ মুহুৰ্ততে চেগ বুজি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে ইক্ৰামুল হুছেইন নামৰ অভিযুক্তই৷ বালিপৰা খনামুখৰ এই আচামীৰ বিৰুদ্ধে গোচন পঞ্জীয়ন হৈ আছে ৰঙাপৰা আৰক্ষী থানাত৷ ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৯ ধাৰামৰ্মে ৩১/১৯ ত পঞ্জীভুক্ত গোচৰত কিছুদিনৰ পূৰ্বে ৰঙাঘৰলৈ প্ৰেৰণ কৰা হৈছিল। আজি পলায়নৰ পাছতে আদালত চৌহদত হাঁহাকাৰ লাগে আৰক্ষীৰ মাজত৷ আৰক্ষীয়ে আচামী বিচাৰি চলাথ কৰে যদিও সন্ধ্যা পৰ্যন্ত কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে এই ঘটনা কৰ্তব্যৰত আৰক্ষী গাফিলতিৰ বাবেই সংঘটিত  হৈছে বুলি অভিযোগ উঠিছে।7

Exit mobile version