প্ৰতিবাৰে নিৰ্ব্বাচনত ভোটদান কৰে চীনা মূলৰ অসমীয়াই ♦যুগ যুগ ধৰি বাস কৰি আছে অসমত

NPIC 2019498652

নিৰ্ব্বাচনী ফলাফল বা কোনো দলৰ জয়-পৰাজয়ৰ ভূমিকা পালন নকৰিলেও অসমত বাস কৰা চীনা মূলৰ লোকসকলে যুগ যুগ ধৰি ভোটদান কৰি আহিছে । চীনা মূলৰ লোকসকলে তিনিচুকিয়া জিলাৰ মাকুম, ডিগবৈ, পানীতোলা আৰু তিনিচুকিয়া নগৰত বাস কৰে। প্ৰতিটো নিৰ্ব্বাচনত এই লোকসকলে উৎসাহেৰে ভোটদান কৰে । অসমত চাহ বাগিছা স্হাপনৰ সময়ত ঔপনিৱেশিক ব্ৰিটিছে চাহ বাগানত কাম কৰিবলৈ চিনৰ পৰা কে’বাশ লোক আনে। পৰৱৰ্তী সময়ত এই চাহ শ্ৰমিকসকলে স্হানীয় মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ অসমীয়া সমাজৰ অংগ হৈ পৰে। অৱশ্যে 1962 চনত চীনা-ভাৰতৰ যুদ্ধ সময়ত চীনা মূলৰ এই লোকসকলক আৰক্ষীয়ে আটক কৰি ৰাজস্হানলৈ প্ৰেৰণ কৰে। তাত তেওঁলোকক এটা বন্দী শিবিৰত আটক কৰা হৈছিল । পৰৱৰ্তী সময়ত বন্দী শিবিৰৰ পৰা মুকলি হৈ অহা সকলে অসমলৈ ঘূৰি আহি মাকুম, ডিগবৈ, পানীতোলা আৰু তিনিচুকিয়াত বাস কৰিবলৈ লয়। তেওঁ লোকৰ বৰ্তমান এন আৰ চি খচৰাতো অন্তৰ্ভুক্ত হৈছে । তিনিচুকিয়া নগৰৰ চীনাপট্ৰিত জন উং নামৰ চীনা মূলৰ লোকজনৰ এখন ৰেস্তোৰাঁ আছিল । উঙৰ প্ৰয়াত পিতৃ উং ছু চিন তিনিচুকিয়া নগৰস্হিত এখন চীনা ভাষাৰ স্কুলৰ প্ৰধান শিক্ষক আছিল। জনৰ মাতৃ লী ছু চেনৰ বয়স সম্প্ৰতি 90 বছৰ । তেৱেঁই হৈছে চীনা মূলৰ অসমীয়া সকলৰ ভিতৰত সবাতোকৈ বয়স্ক ভোটাৰ। পূৰ্বৰ দৰে এইবাৰো নিৰ্ব্বাচনত ভোটদান কৰিবলৈ সাজু আছে বুলি প্ৰকাশ কৰিছে জনে। তেওঁৰ মুম্বাইত কৰ্মসূত্ৰে বাস কৰা ৰাজীৱ গগৈয়েও ভোটদান কৰিবলৈ আহিব বুলি জনে জনায়।

আনহাতে, মাকুম অঞ্চলৰ এজন সমাজকৰ্মীয়ে জনায় যে অঞ্চলটোত কমেও 30 জন চীনা মূলৰ লোকে বসবাস কৰে । সমগ্ৰ অসমতে চীনা মূলৰ পৰিয়ালৰ সংখ্যা 50 টাতকৈ কম নহব বুলিও তেওঁ জনায়। মাকুম অঞ্চলটো ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত । অহা 11 এপ্ৰিলত ডিব্ৰুগড়তো নিৰ্ব্বাচন অনুষ্ঠিত হ’ব। ইপিনে, টুং চিন থাম নামৰ লোকজন হৈছে তৃতীয়টো প্ৰজন্ম চীনা মূলৰ লোক। গুৱাহাটীত বাস কৰা থামে পৰ্যটন আৰু বিমান সেৱা খণ্ডৰ ইংৰাজী প্ৰশিক্ষকৰূপে জীৱিকা অৰ্জন কৰে। থামৰ মতে, অসমীয়া চীনা বুলি কোৱাটো এটা পৰিচয়সূচকৰ বাহিৰে আন একো নহয় । ‘আমি চীনা বুলি কোনো অনুভৱ নকৰো। আমাৰ লোকসকল অসমীয়া সমাজৰ স’তে খুব ভালদৰে মিলি গৈছে । থামে কয় যি দলৰ চৰকাৰ নাহক , জনতাৰ বাবে কাম কৰা উচিত । আন এজন চীনা মূলৰ লোক উইলী হোৰ মতে ,তেওঁলোকে আন যিকোনো ভাৰতীয় লোকে ভোটদান কৰাৰ দৰে প্ৰতিটো নিৰ্ব্বাচনত ভোটদান কৰি আহিছে।

Exit mobile version