প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধান সভা সমষ্টিৰ মুঠ ১৮৮ টা ভোট কেন্দ্ৰতে পুৱাৰে পৰা ৰাইজে শাৰী পাতি নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে । ইয়াৰ মাজতে টিংখাঙৰ দিৰৈবাম চাহ বাগিচাৰ ৫ নং ৱাৰ্ডত দেখা গল আন এক দৃশ্য । ৱাৰ্ডটোৰ প্ৰায় ৪০০ ভোটাৰে ভোটদানৰ বিপৰীতে হাতে হাতে প্লে- কাৰ্ড লৈ প্ৰতিবাদত নামি পৰে । তেওঁলোকে ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত লয় । বাগিচাখনৰ এটা পুৰণি ভোট কেন্দ্ৰ ৫ নং ৱাৰ্ডৰ দিৰৈবাম মজদুৰ ক্লাবত স্থানীয় ভোটাৰসকলে পূৰ্বৰে পৰা ভোটদান সাব্যস্ত কৰি আহিছিল । কিন্তু এইবাৰ ভোটকেন্দ্ৰৰ স্থান সলনি কৰি প্ৰায় তিনি কিলোমিটাৰ দূৰত্বৰ কেঞাপথাৰ নিম্ন প্ৰাথমিক বিদ্যালয়লৈ স্হানান্তৰ কৰে । ফলত ভোটাৰসকল পূৰ্বৰ ভোটকেন্দ্ৰত উপস্থিত ক্ষোভিত হৈ উঠে । বাগিচাখনৰ প্ৰায় ৪০০ ভোটাৰে নতুনকৈ ঠিক কৰি দিয়া কেন্দ্ৰটোলৈ ভোটদান কৰিবলৈ যোৱাৰ পৰা বিৰত থাকে । ক্ষোভিত চাহ শ্ৰমিক ভোটাৰসকলে পূৰ্বৰ ভোটকেন্দ্ৰ ঘুৰাই লাগে বুলি প্ৰতিবাদত নামি পৰে ।
টিংখাঙৰ দিৰৈবাম চাহ বাগিচাত ৰাইজৰ ভোট বৰ্জন
-
By publisher

ADVERTISEMENT
- Categories: Loksabha Election, News
- Tags: Loksabha Election
Related Content
China-US Tariff Understanding: একেদিনাই ১২০০ পইণ্টৰ পতন ঘটিল ছেনছেক্সৰ
By
publisher
May 14, 2025
আক্ৰমণৰ আশংকা ? বৃদ্ধি হ'ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা
By
publisher
May 14, 2025
Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট
By
publisher
May 14, 2025
Pm Modi:যুদ্ধবিৰতিৰ পাছত পুনৰ হুংকাৰ মোদীৰ
By
publisher
May 14, 2025
গোৱাত পৰ্যটনৰ অভিলেখ, ১০.৫ শতাংশ বৃদ্ধি পৰ্যটকৰ সংখ্যা
By
publisher
May 14, 2025