ৰাজগড়: সমগ্ৰ ৰাজ্যতে এতিয়া হেঁপাহৰ ৰঙালীৰ পাৰভঙা উছাহ-উদ্দীপনা । ঢোল-পেপাৰ মাতত মুখৰিত হৈ পৰিছে চৌদিশ। গৃহস্থৰ চোতালে-চোতালে পদধুলা পৰিছে হুঁচৰিৰ । কনমানিৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু সকলো মতলীয়া বিহুৰ আনন্দত । পিছপৰি ৰোৱা নাই সোণোৱাল কছাৰী জনজাতি সকলো । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় সমীপৰ নতুন শলগুৰি অঞ্চলৰ সোণোৱালকছাৰী সকলে উৎসাহ,উদ্দীপনাৰে স্বকীয় জাতীয় উৎসৱ ৰঙালী বিহু উদযাপন কৰিছে। গাঁওখনত এতিয়া ৰঙালী বিহুৰ উখল মাখল পৰিবেশ । আহোম ৰজা ৰাজেশ্বৰ সিংহই ৰংঘৰৰ বাকৰিত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীক সামৰি ব’হাগ মাহৰ প্ৰথম দিনত অনুষ্ঠিত কৰা বিহু অনুষ্ঠানৰ সময়ৰে পৰাই সোণোৱাল জনগোষ্ঠীৰ মাজতো ব’হাগৰ প্ৰথম দিনৰ পৰাই সপ্তাহজোৰাকৈ ব’হাগ বিহু পালন কৰা পৰম্পৰা প্ৰচলিত । ব’হাগ বিহুত গাঁৱৰ প্ৰতিঘৰ গৃহস্থৰ চোতালত হাইদাং বিহু হুঁচৰি গাই সোণোৱাল সকলে নাচি-বাগি আনন্দত মতলীয়া হৈ পৰে । সোনোৱাল কছাৰী গাভৰু সকলো ইয়াৰ ব্যতিক্ৰম নহয় । সোনোৱাল কছাৰী গাভৰুসকলে পৰিবেশন কৰিছে লেচেৰী নৃত্য । বিহু অহাৰ লগে লগে সোনোৱাল গাভৰু সকলে পৰম্পৰাগত ভাৱে এই নাচ পৰিবেশন কৰে । গাভৰুসকলে মূৰত সোনোৱাল গামোছাৰ টকয়া, বুকুত মেথনি মাৰি জাতীয় সাজ পাৰ পৰিধান কৰি এই নৃত্য পৰিবেশনৰে সকলোকে আপ্লুত কৰি তুলিছে ।
টিংখাঙত গৃহস্থৰ চোতালে-চোতালে সোণোৱাল কছাৰী সকলৰ হাইডাঙ হুঁচৰি
-
By publisher
Related Content
Pre-Christmas Celebration In B.Borooah Cancer Institute: বি বৰুৱা কেন্সাৰ ইন্সটিটিউটত প্ৰি-খ্ৰীষ্টমাছৰ বিশেষ আয়োজন
By
publisher
December 24, 2024
S Jaishankar to visit US :যুক্তৰাষ্ট্ৰ অভিমুখে ৰাওনা বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয় শংকৰ
By
publisher
December 24, 2024
Bilasipara Sub Centre Scam:বিলাসীপাৰাত উপ-স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি
By
publisher
December 24, 2024
Jamugurihat Theft:জামুগুৰিহাটত চিমেণ্ট ভৰ্তি ট্ৰাকৰ পৰা দুশ বেগ চিমেণ্ট চুৰি
By
publisher
December 24, 2024
Union Ministry Of Education Guidelines: শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ
By
publisher
December 24, 2024