দুধনৈ : “কংগ্ৰেছ দলে দেশৰ স্বাধীনতা লাভৰ সত্তৰ বছৰৰ ভিতৰত প্ৰায় ষাঠিটা বছৰেই দেশৰ শাসনত থাকিল যদিও উল্লেখিত সময়ছোৱাত দেশৰ উন্নয়নৰ পৰিবৰ্তে দুৰ্নীতি অনিয়মেৰে লুণ্ঠন চলাই দেশবাসীক লুটি – পুটি খোৱাৰ বাবে সম্প্ৰতি সমগ্ৰ দেশৰ জনসাধাৰণৰ মানসপটৰ পৰা কংগ্ৰেছৰ দলৰ স্থান নোহোৱা হৈছে।” তাৰ পৰিপ্ৰেক্ষিতত সমাগত লোকসভা নিৰ্বাচনত সাত নং গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কুইন ওজাক ভোটদান কৰি বিজয়ী কৰিবলৈ আহ্ৱান জনায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ হৈ দুধনৈৰ বালাচাৰা খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভা তথা বিজয় সংকল্প সমাৰোহত ভাষন দি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজৰ ভাষন প্ৰসংগত এনেদৰে ব্যক্ত কৰে। উৎল্লখনীয় যে গোৱালপাৰা জিলাৰ প্ৰতিটো অঞ্চলৰ উন্নয়ন ক্ষেত্ৰত যোৱা আঢ়ৈ বছৰে সমভাবে গুৰুত্ব দি অহা ৰ লগতে প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ অধীনত ৰাষ্টা ঘাটৰ ব্যাপক উন্নয়ন সাধন কৰা বুলি ব্যক্ত কৰাৰ লগতে অনাগত সময়ত উন্নয়ন ৰ এই ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ আৰু ইয়াৰ মিত্ৰদলৰ প্ৰাৰ্থীক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। সভাত ভাষন দি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই দেশ তথা ৰাজ্যবাসীৰ উন্নয়নৰ স্বাৰ্থত অহা ২৩এপ্ৰিলত সুস্থিৰ সিদ্ধান্ত লৈ ভোটদান কৰিবলৈ দুধনৈ সমষ্টিবাসী ৰাইজৰ প্ৰতি আহ্ৱান জনায়। ভাষন প্ৰসংগত টংকেশ্বৰ ৰাভাই উল্লেখ কৰে যে অসমত কংগ্ৰেছ দলৰ পোন্ধৰ বছৰীয়া সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাখনতো এখন অশান্তি ৰ বাতাবৰণ বিৰাজ কৰিছিল। কিন্তু গোৱালপাৰা জিলা তথা ৰাভা হাছং বাসীয়ে কেতিয়াও অশান্তি ময় পৰিবেশ কামনা নকৰে বুলি উল্লেখ কৰাৰ লগতে শান্তিৰ বাতাবৰণ বৰ্তাই ৰখাৰ স্বাৰ্থত কংগ্ৰেছ দলক ভোটদানৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। ২০১৪ ৰ লোকসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ বিজয়া চক্ৰৱৰ্তীয়ে দুধনৈ বিধান সভা সমষ্টিৰ পৰা ৭১০০০ ভোট লাভ কৰিছিল, সমাগত লোকসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা ১২০০০০ ৰ অধিক ভোট কুইন ওজাই লাভ কৰিব বুলি টংকেশ্বৰ ৰাভাই প্ৰকাশ কৰে। দুধনৈ সমষ্টিৰ বিধায়ক দীপক ৰাভা, গোৱালপাৰা জিলা বিজেপিৰ উপসভাপতি প্ৰহ্লাদ বড়ো, কুশধোৱা জিলা পৰিষদ ৰ সদস্য কুশধ্ৱজ ৰংখ, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়াৰ উপৰিও বহু কেইজন নেতাই প্ৰায় আঠ সহশ্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা সভাত ভাষন দিয়ে।
দুধনৈত বিজেপিৰ বিজয় সংকল্প সমাৰোহত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
-
By publisher

ADVERTISEMENT
- Categories: Loksabha Election, News, Politics
- Tags: BJPLoksabha ElectionSarbananda Sonowal
Related Content
China-US Tariff Understanding: একেদিনাই ১২০০ পইণ্টৰ পতন ঘটিল ছেনছেক্সৰ
By
publisher
May 14, 2025
আক্ৰমণৰ আশংকা ? বৃদ্ধি হ'ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা
By
publisher
May 14, 2025
Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট
By
publisher
May 14, 2025
Pm Modi:যুদ্ধবিৰতিৰ পাছত পুনৰ হুংকাৰ মোদীৰ
By
publisher
May 14, 2025
গোৱাত পৰ্যটনৰ অভিলেখ, ১০.৫ শতাংশ বৃদ্ধি পৰ্যটকৰ সংখ্যা
By
publisher
May 14, 2025