বৰপেটাত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভা

bbbbbbbbbbbbbbbbbbbbb

কুমাৰ দীপক দাস পৰিভ্ৰমি চৰাই : খালেক

বৰপেটা: বৰপেটা চহৰৰ ছায়াৰাম ছোৱালী হাইস্কুল খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী জনসভাত অংশ লৈ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ গৌৰৱ গগৈয়ে ৷নিৰ্বাচনী জনসভাত ভাষণ দি জাতি-মাটি-ভেটিৰ কথা কৈ অসমীয়া মানুহক আৱেগিক কৰি তোলা অগপই ক্ষমতাৰ স্বাৰ্থত বিজেপিৰে মিতিৰালি কৰিছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মন্তব্য কৰে ৷ তেওঁ কয় যে অগপ-বিজেপি একেটা মূদ্ৰাৰ ইপিঠি-সিপিঠি ৷ এইবাৰৰ সাধাৰণ নিৰ্বাচন বিজেপি-কংগ্ৰেছৰ যুঁজ হোৱাৰ পৰিবৰ্তে জাতি-ধৰ্ম ৰক্ষাৰ যুঁজ বুলি তেওঁ মতপোষণ কৰে ৷ এই বাৰ দ্বিতীয় স্বাধীনতা আন্দোলন বুলি কৈ ৰিপুন বৰাই মহাত্না গান্ধীয়ে ভাৰতৰ পৰা ইংৰাজ খেদিবলৈ প্ৰথম স্বাধীনতা আন্দোলন কৰিছিল আৰু এতিয়া কংগ্ৰেছে ভাৰতক বিজেপি আৰু আৰ এচ এচ মুক্ত কসাৰ বাবে পণ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷সভাত ভাষণ দি বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে সাংসদ গৌৰৱ গগৈ ৷ বিজেপিক এটা ব্যৱসায়িক দল বুলি কটাক্ষ কৰে কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ কোন চকীদাৰে প্ৰতিমাহে আমেৰিকালৈ যায় বুলি প্ৰশ্ন উত্থাপন কৰি নৰেন্দ্ৰ মোডীকো আক্ৰমণৰ লক্ষ্য কৰি লয় গৌৰৱ গগৈয়ে ৷ বৰপেটাক পাকিস্তান বুলি ক’ব খোজা ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাইজক ক্ষমা খোজা উচিত বুলি তেওঁ মন্তব্য কৰে ৷ আনহাতে এইবাৰৰ নিৰ্বাচনত এ আই ইউ ডি এফ ফেক্টৰ নহয় বুলি উল্লেখ কৰি দলটোৱে প্ৰাৰ্থীৰ অভাৱত কলিয়াবৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকে বুলি গৌৰৱ গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ইপিনে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থতএআই ইউ ডি এফ -বিজেপি দুয়োটা দলকে নি:শেষ কৰিব লাগিব বুলি মত ব্যক্ত কৰে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালকে ৷ সংবাদ মাধ্যমৰে হোৱা মত বিনিময়ত অগপ-বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা বিৰত থকা প্ৰফুল্ল মহন্তক নীতি-আদৰ্শ থকা নেতা বুলি তেওঁ প্ৰশংসা কৰে ৷ কেৱল নিৰ্বাচন আহিলে বৰপেটালৈ মনত পৰা কুমাৰ দীপক দাসক পৰিভ্ৰমী চৰাইৰ লগত তুলনা কৰি সভাপতি অতুল বৰাসহ সৰহ সংখ্যক অগপ নেতাই লোকসভা নিৰ্বাচনৰ পিছত বিজেপিত যোগদান কৰিব বুলি আব্দুল খালেকে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত এই জনসভাত গৌৰৱ গগৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, অপুৰ্ব ভট্টাচাৰ্য, বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷

Exit mobile version