বঙাইগাঁও: কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাত ৰাজনৈতিক দল আৰু অন্যান্য প্ৰাৰ্থী সকলে ইখনৰ পাছত সিখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি অহাত ক্ৰমাত নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে ৷ সভা সমূহত ভাষণৰ মাজতে নিৰ্বাচনী সভা সমূহত অংশ লোৱা নেতা সকলে ইজনে সিজনৰ গালৈ বোকা চটিওৱাত ব্যস্ত থকা দেখা গৈছে ৷ তৃতীয় পৰ্যায়ৰ ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগা নিৰ্বাচনলৈ আৰু তিনিদিন প্ৰচাৰৰ বাবে বাকী থকাত সম্প্ৰতি তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷আজি আবেলি চিৰাং জিলাৰ কাজলগাঁও মহকুমাৰ অন্তৰ্গত বেংতলত এবছু, প্ৰগতিশীল এন ডি এফ বি, পি জে এ চি বি এম আৰু এ আই ইউ ডি এফ সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ এখনি বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷ চিৰাং জিলা ইউ পি পি এলৰ উদ্যোগত বেংতল ৰাজহুৱা খেল পথাৰত আবেলি আয়োজিত আৰু পৰিষদীয় সদস্য মাউথি ব্ৰহ্ম হাজোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ভাষণ প্ৰসংগত কয়, পৰিৱৰ্তন অনাৰ বাবে এবছুৱে উৰ্খাও গৌৰা ব্ৰহ্মক সমৰ্থন কৰিছে ৷ ৰাইজে বিটিচিত হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনৰ অৱসান বিচাৰি এইবাৰ বিশিষ্ট ৰাজনীতিক, সাহিত্যিক, ৰাইজৰ উপযুক্ত নেতা উৰ্খাও গৌৰা ব্ৰহ্মক সমৰ্থন জনাইছে ৷ প্ৰমোদ বড়োই কয়, ‘অশান্তিময় পৰিস্থিতিৰ বাবে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৰাইজে পৰিৱৰ্তন বিচাৰিছিল ৷ কিন্তু যেনেকৈ পৰিৱৰ্তন হোৱাটো বিচাৰিছিল তেনে কোনো পৰিৱৰ্তন নহ’ল ৷ সেয়েহে এইবাৰ ৰাইজ মাৰবান্ধি থিয় দিছে উৰ্খাও গৌৰা ব্ৰহ্মক জিকাই পৰিৱৰ্তন অনা হ’ব ৷’ বিটিচিত হেজাৰ কৌটি পেকেজৰ টকা কি হ’ল বুলিও তেওঁ প্ৰশ্ন কৰে ৷ বিগত পোন্ধৰ বছৰত বিটিচিত যি হিংসাৰ ঘটনা হৈছে ইয়াৰ জবাব হাগ্ৰামা মহিলাৰীয়ে দিব লাগিব বুলিও তেওঁ প্ৰশ্ন তোলে ৷ নৱ কুমাৰ শৰণীয়াই বিগত পাঁচ বছৰত উন্নয়নৰ বাবে লাভ কৰা পঁচিশ কোটি টকা কি কৰিলে ইয়াৰ হিচাৱ নাই বুলিও তেওঁ সভাত উত্থাপন কৰে ৷সভাত ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই ভাষণত কয়, ইউ পি পি এলৰ সভালৈ সকলো জাতি গোষ্ঠীৰ লোকে সমৰ্থন জনোৱাত বিপিএফ আৰু নৱ কুমাৰ শৰণীয়াৰ মূৰৰ কামোৰণি হৈছে ৷
নিৰ্বাচনী বিভাগক মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান প্ৰমোদ বড়োৰ
-
By publisher

- Categories: Loksabha Election, News
- Tags: AssamLoksabha Election
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025