বিজেপিক ভোট দি নিজৰে আঙুলি কাটি পেলালে

voting

একাংশ নেতাই ইচ্ছা অনুসৰি এটা দলৰ পৰা আন এটা দললৈ যিদৰে বাগৰে তাৰ বিপৰীত দৃষ্টান্ত দাঙি ধৰাই নহয়, প্ৰতিদ্বন্দী দলক ভুলবশত: ভোট দি বহুজন সমাজ পাৰ্টি (বি এছ পি)ৰ এজন সমৰ্থকে নিজৰৈ আঙুলি কাটি পেলালে। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত। কালি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্ব্বাচনত পৱন কুমাৰ নামৰ বি এছ পি সমৰ্থকজনে ভুলবশত ই ভি এমত বিজেপিৰ বুটাম টিপে। পাছত এই কথা উপলব্ধি কৰি তেওঁ নিজৰ তপৰত ইমানেই ক্ষুব্ধ হয় যে ই ভি এমৰ বুটাম যিটো আঙুলিৰে টিপিছিল সেই আঙুলিটো কাটি পেলায়। ভুলবশত তেওঁ বি এছ পিৰ হাতী প্ৰতীকৰ পৰিৱৰ্তে বিজেপি পদুম ফুলৰ প্ৰতীকত তেওঁ বুটাম টিপে বুলি জানিবলৈ দিছে ।

Exit mobile version