বৰপেটাত নিৰ্বাচনী বিষয়াক নিন্মমানৰ খাদ্য , খালী পেটেৰে কৰ্তব্য স্থলীলৈ ৰাওনা বহু বিষয়া

BARPETA

বৰপেটা : ভোট গ্ৰহণত নিয়োজিত প্ৰিজাইডিং আৰু পুলিং বিষয়া কৰ্মচাৰীয়ে আজি বৰপেটাত দুপৰীয়াৰ ভোকৰ ভাত সাজৰ বাবে দুপৰীয়াৰ প্ৰখৰ ৰদত দুই ঘণ্টা পৰ্যন্ত শাৰী পাতি থাকিবলগীয়া হোৱাত এক হূলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ ভোজন কক্ষৰ খাদ্য যোগানৰ অনুমোদন পোৱা ঠিকাদাৰে সময়মতে ভাত দিব নোৱাৰাৰ বাবে বৰপেটা লোকসভা নিৰ্বাচনৰ বাবে আজি ১২১৪ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ৬১০০ জন প্ৰিজাইডিং আৰু পোলিং বিষয়াৰ বহু সংখ্যকে খালী পেটেৰে নিজ কৰ্তব্য স্থলীলৈ যাব লগীয়া হল ৷ মহাবিদ্যালয় চৌহদত স্থাপন কৰা ভোজন কক্ষৰ সন্মুখত বিষয়াসকলে ঘণ্টাৰ পাছত ঘণ্টা শাৰী পাতি থাকিব লগীয়া হোৱাত অতিষ্ঠ হৈ পৰে ৷ ভালেসংখ্যক বিষয়াই ভোজন কক্ষৰ চৰকাৰী ভাতৰ আশা বাদ দি বাহিৰৰ হোটেলত আহাৰ গ্ৰহণ কৰে ৷ আনহাতে খাদ্য সামগ্ৰী অতি নিন্মমানৰ হোৱা বুলিও বিষয়াসকলে অভিযোগ কৰে ৷ খাদ্য সামগ্ৰী নিন্মমানৰ হোৱাৰ কাৰণে বহুলোকে আধা পেটে উঠি যাবলগীয়া হৈছে বুলি অভিযোগত প্ৰকাশ ৷ জানিব পৰা মতে আজি দিনত ১২ হাজাৰ মানুহৰ খাদ্য প্ৰস্তুত কৰাৰ বাবে ৰিফ্ৰেচমেণ্ট চেলে ঠিকাদাৰক অৱগত কৰিছিল ৷ কিন্তু ঠিকাদাৰে মাত্ৰ চাৰি হাজাৰ মানুহে খাব পৰাকৈ মাত্ৰ ৮ কুইণ্টল চাউলৰ ভাত ৰান্ধি বহি আছিল ৷ নাম প্ৰকাশত অনিচ্ছুক বিভাগীয় চেলটোৰ এজন সদ্স্যই জনোৱা মতে তেওলোকে ভাত কম পৰিব বুলি বাৰম্বাৰ সকীয়াই দিছিল যদিও শাসনাধীস্থ দলৰ এজন বিধায়কৰ আত্মীয় ঠিকাদাৰ জনে কাৰো কথাকে ভ্ৰুক্ষেপ নকৰি নিজৰ খেয়াল খুচি মতে ভোজনালয়ৰ কাম কাজ চলাইছে বুলি অভিযোগত প্ৰকাশ ৷

ADVERTISEMENT
Exit mobile version