দৰিদ্ৰ কূষকৰ পুৰঠ বড়ো ধান বিনষ্ট কৰি পশ্চিম দৰঙৰ কূষিভূমিত গেইলৰ পাইপলাইন স্থাপন

4

* কূষকক ধান চপাবলৈ দিয়া নহল পৰ্যাপ্ত সময়

দুমুনিচকী: প্ৰধানমন্ত্ৰী উৰ্জা গংগা আঁচনিৰ অধীনত বিহাৰৰ ৱাৰাউনীৰপৰা গুৱাহাটীলৈ কেইবা হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সংযোগ কৰিবলগা গেছ অথৰীটি ইণ্ডিয়া লিমিটেড(GAIL)এ কূষিভূমিত স্থাপন কৰি থকা পাইপ লাইনে বিনষ্ট কৰিছে পশ্চিম দৰঙৰ শ শ বিঘা কূষভূমিৰ বড়ো ধানৰ খেতি l প্ৰাপ্ত বাতৰিমতে, পশ্চিম দৰঙৰ কুৰুৱা,বাঁগড়া,কলিতাপাৰা হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপেৰে কামৰূপ জিলাৰ খেহেনীপাৰা, বাইহাটা চাৰিআলি , ডিমু-ডোবকেৰে কোকৰাঝাৰ পৰ্যন্ত্য স্থাপন হবলগা পাইপ লাইনৰ কাম কুৰুৱাপৰা ইতিমধ্যে আৰম্ভ কৰা হৈছে l উল্লেখিত এই পাইপলাইন স্থাপন কৰা হৈছে বড়ো খেতিৰে নদন-বদন পশ্চিম দৰঙৰ কূষিভূমিৰ মাজত l অঞ্চলটোৰ অতি দৰিদ্ৰ কূষক সকলে উজ্জীৱন আৰু বন্ধনৰ ঋণেৰে কৰা বড়ো খেতিৰে পথাৰ সেউজীয়া হৈ পৰাৰ সময়তে প্ৰধানমন্ত্ৰী উৰ্জা গংগা আঁচনিৰ নামত বিভাগীয় কৰ্ত্তৃপক্ষই কেইবাখনো ফকলেণ্ড আৰু সা-সৰঞ্জাম লৈ বড়ো ধানৰ খেতিৰ ওপৰতে আঁচনিৰ কাম আৰম্ভ কৰে l কূষক সকলে বড়ো ধান পুৰঠ হোৱা বুলি বিভাগীয় বিষয়া-কৰ্মচাৰীক জানিব দি উক্ত ধান চপাবলৈ বিভাগীয় কৰ্ত্তৃপক্ষৰপৰা মাত্ৰ বিশ দিনৰ সময় বিচাৰিছিল l কিন্তু কূষকৰ এই অনুৰোধৰ প্ৰতি কৰ্ণপাত নকৰি বিভাগীয় কৰ্ত্তৃপক্ষই এফালৰপৰা ২০ মিটাৰ বহলকৈ ধানেৰে উপচি থকা শস্যভূমি খান্দি তাত ২.৩ মিটাৰ ব্যাসাৰ্ধৰ পাইপ স্থাপন কৰিবলৈ আৰম্ভ কৰে l অশেষ শ্ৰম আৰু ধন ভাগি কৰা নিজৰ উতপাদিত শস্যবোৰ চকুৰ সন্মুখতে নষ্ট হোৱা দেখি ক্ৰন্দনত ভাগি পৰিছে দৰিদ্ৰ কূষক ৰাইজ l তথাপি মন নগলা বিভাগীয় কৰ্ত্তৃপক্ষই কূষক সকলক নষ্ট হোৱা শস্য আৰু ভূমিৰ উচিত মূল্য দিয়া হব বুলি আশ্বাস প্ৰদান কৰি এখন বিভাগীয় ফৰ্মত কূষকৰ হস্তাক্ষৰ গ্ৰহণ কৰিয়ে নিজৰ দায়িত্ব সামৰে আৰু পাইপ স্থাপনৰ কাম অব্যাহত ৰাখে l ক্ষতিপূৰণ সন্দৰ্ভত বিভাগীয় কৰ্ত্তৃপক্ষৰপৰা কোনো সদুত্তৰ নাপাই হতাশাত ভাগিপৰা কূষক সকলে তেওঁলোকৰ প্ৰাপ্য ক্ষতিপূৰণৰপৰা বঞ্চিত হলে আত্মহননৰ দৰে চৰম পন্থা অৱলম্বন কৰিব বুলিও প্ৰতিবেদকক অৱগত কৰে l*

Exit mobile version