অৱশেষত মৃত্যুৰ ওচৰত  হাৰ মানিলে  ৰাণী ছাটাৰগাৱত নিজৰাত আবদ্ধ হাতী পোৱালীয়ে

IMG 20190502 WA0011

।। গাত খান্দি পুতি থলে বনবিভাগে।।

♦পলাশবাৰী:
মহানগৰীৰ পাৰ্শ্বৱৰ্তীৰ ৰাণীৰ ছাটাৰগাও পথৰ কাষৰ নিজৰাত প্ৰায় মতা হাতীৰ পোৱালী এটাই যোৱা ৩০ এপ্ৰিলৰ নিশাৰে পৰা আবদ্ধ হৈ অসুস্থ অৱস্থাত মৃত্যুৰ সৈতে যুজ দি আছিল। অৱশেষত আজি পুৱা মৃত্যুৰ ওচৰত হাৰ মানিলে পোৱালীটোৱে। হাতীৰ পোৱালীটোৰ মৃত্যুৰ খৱৰে  বনবিভাগৰ লগতে অঞ্চলবাসীক মৰ্মাহত কৰিছে। ঘটনাৰ বিৱৰণীমতে মেঘালয়ৰ খাচী জয়ন্তীয়া পাহাৰৰ পৰা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা

পাচ বছৰীয়া মতা হাতীৰ পোৱালীটো জাকৰ পৰা বিছিন্ন হৈ ৰাণী ছাটাৰ গাওৰ এটি নিজৰাৰ দ-ঠাইত যোৱা ৩০ এপ্ৰিলৰ  নিশাৰে পৰা পৰি ৰয়। এনে অৱস্থাত স্থানীয় লোকসকলে হাতীৰ পোৱালীটোৰ মৰণ কাতৰ চিঞৰ শুনি উক্ত স্থানলৈ আহি মৃত্যুৰ সতে যুজ দি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰি ৰাণীস্থিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ত অৱগত কৰে। পিছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ পোৱালীটোৰ অৱস্থাৰ বুজ লৈ চিকিৎসকৰ দ্বাৰা প্ৰাথমিক চিকিৎসা ব্যৱস্থা কৰাৰ লগতে  নিজৰাৰ পৰা ৰাইজৰ সহযোগত ওখ ঠাইলৈ স্থানান্তৰ কৰে। ভৰি আৰু মুখত গুৰুত্বৰ আঘাত পোৱা পোৱালীটোক নিশাটো শিৱিৰত ৰাখি প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াই অহাৰ পিছতো আজি পুৱাৰ ভাগত হাতীৰ পোৱালীটোৱে মৃত্যুৰ ওচৰত হাৰ মানিলে। উল্লেখ্য যে, স্থানীয় ৰাইজ আৰু বনবিভাগে ধাৰণা কৰা মতে নিশা জাকৰ সৈতে অহা হাতী পোৱালীটোক ডাঙৰ হাতীয়ে আক্ৰমণ কৰাৰ ফলতেই এইদৰে অসুস্থ হৈ পৰি ৰৈছিল। মৃত হাতীৰ পোৱালীটোৰ বিভাগীয় নিয়মনুযায়ী মৰণোত্তৰ পৰীক্ষাৰ পিছত ৰাণীত বনাঞ্চলত গাত খান্দি পুতি থয়।

Exit mobile version