গোৱালপাৰা চহৰৰ জ্যোতিনগৰত  বগলীৰ মেলাই সৃষ্টি কৰিছে মনোমোহা পৰিবশ

IMG 20190503 013339

বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা । বলুকাত নহয় গোৱালপাৰা চহৰৰ জ্যোতিনগৰত পুৱা গধূলি বহলাই বহিছে হাজাৰ হাজাৰ বগলী । বিগত আঠ বছৰৰ পৰা জাক জাক বগলীয়ে নিৰাপদ আশ্ৰয় লৈ আছে গোৱালপাৰা চহৰৰ জ্যোতিনগৰত ৷ যিটো সময়ত চৰাই চিৰিকটি,জীৱ জন্তুৰ জীৱনৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে তেনে সময়তে গোৱালপাৰাৰ জ্যেতিনগৰত দেখা গৈছে প্ৰকৃতি প্ৰেমৰ অন্যতম নিদৰ্শন । জ্যোতিনগৰৰ প্ৰকৃতি প্ৰেমী কেইটামান পৰিয়ালৰ ছত্ৰ ছায়াত হাজাৰ হাজাৰ বগলী এনেদৰে নিৰাপদ আশ্ৰয় গ্ৰহণ কৰাত তাত এক মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে ।সকলোৰে ঘৰে ঘৰে এতিয়া কেৱল বগলী । যি সময়ত  চৰাই চিৰিকটিৰ থকাৰ ঠাই নোহোৱা হৈছে সেই সময়তে জ্যোতিনগৰৰ কেইটামান পৰিয়ালে নিজ বাৰীৰ গছ গছনিত বগলীক আশ্ৰয় দি প্ৰকৃতি প্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । মাজে সময়ে দুস্কৃতিকাৰীয়ে বগলী নিধন কৰিবলৈ আহে যদিও নিজ পৰিয়ালৰ সদস্যৰ দৰে বাধা প্ৰদান কৰে ৰাইজে। বগলী সমূহক পৰিয়ালৰ কণ কণ শিশুবোৰৰ দৰে জ্ঞান কৰি আহিছে জ্যোতিনগৰবাসীয়ে ।বতাহ বৰষুণত  বগলী যদি গছৰ পৰা পৰি যায় তেওঁলোকে চিকিৎসাৰ ব্যৱস্থা কৰে । গোৱালপাৰা জিলাৰ বহু প্ৰকৃতি প্ৰেমীয়ে বগলী চাবলৈ জ্যোতিনগৰত উপস্থিত হয়।

Exit mobile version