এন আৰ চিৰ দাবী- আপত্তি- শুনানীৰ নামত হাৰাশাস্তি

download

শুনানীত উপস্থিত নহল দুই অভিযোগকাৰী■ মিছা অভিযোগেৰে হাৰাশাস্তি কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি

ধিং :

সমগ্ৰ ৰাজ্যতে আজিৰে পৰা আৰম্ভ হল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ( এন আৰ চি )ৰ আপত্তি আবেদনৰ শুনানী প্ৰক্ৰিয়া। এই আপত্তি আবেদনৰ শুনানী প্ৰক্ৰিয়াত অংশগ্রহণ কৰাৰ জাননী লাভ কৰাৰ পিছতে পোহৰলৈ আহিছে এটাৰ পাছত আন এটা চাঞ্চল্যকৰ তথ্য।কিয়নো, শুনানী আজি প্ৰথম দিনটোতে এন আৰ চিৰ শুনানী প্ৰক্ৰিয়াৰ বাবে নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত থাকিবলৈ জাননী জাৰি কৰিছিল প্ৰাক্তন বিধায়ক ওচমান আলী সদাগৰৰ ১৮ গৰাকী সদস্যলৈ। জাননী লাভ কৰা ওচমান আলী সদাগৰৰ পৰিয়ালৰ দহগৰাকী সদস্যই আজি জাননীত উল্লেখ কৰা সময়মতে দিনৰ এক বজাত উপস্থিত হয় ধিং চক্র বিষয়াৰ কাৰ্যালয়ত। নানা অসুবিধাৰ মাজেৰে জাননী লাভ কৰা সকলো সদস্য শুনানীৰ বাবে উপস্থিত হয় যদিও আচৰিত বিষয় যে ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো এই সকলৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰা দুলাল শৰ্মা আৰু দূৰ্ভজ্যোতি কলিতা নামৰ দুজন ব্যক্তিৰ এজনো উপস্থিত নহল শুনানীত প্ৰক্ৰিয়াত। ওচমান আলী সদাগৰৰ পৰিয়ালৰ সদস্যই সংবাদ মাধ্যমৰ আগত এন আৰ চি কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰাৰ সমান্তৰালকৈ বৰ্তমান এনেধৰেই এন আৰ চিত বিসংগতি থকাৰ ভুৱা অভিযোগেৰে হেজাৰ হেজাৰ লোকক হাৰাশাস্তিৰ সন্মূখীন কৰোৱা দুষ্কৃতিকাৰীক তীব্ৰ ভাষাৰে নিন্দা কৰে। অকল এয়াই নহয়, বিনা কাৰণতে হাৰাশাস্তিৰ সন্মূখীন কৰোৱা এই সকল দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অতি শীঘ্রেই আইনগত ব্যৱস্থা গ্রহণ কৰিব বুলিও সকীয়নি প্ৰদান কৰিছে পৰিয়ালৰ সদস্যই। উল্লেখ্য যে, দেশৰ প্ৰাকস্বাধীনতা কালচোৱাত ১০৮ জনীয়া প্ৰথম অসম বিধানসভা ( ১৯৩৭-১৯৪৬ )ৰ এগৰাকী অন্যতম সদস্য তথা অসমক পূৱ পাকিস্তানত চামিলৰ বিৰোধিতাৰে ইতিহাস ৰচা বিধায়ক ওচমান আলী সদাগৰৰ পৰিয়ালৰ দহগৰাকী সদস্যৰ বিৰুদ্ধে সন্দেহজনক নাগৰিকৰ অভিযোগ তুলি এটি বিষাক্ত তথা এন আৰ চি বিৰোধী দুষ্টচক্ৰই এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত আপত্তি দাখিল কৰা বিষটোয়ে কোনেও সহজভাৱে লব পৰা নাই।

Exit mobile version