কোষাগাৰৰ হেমাহিৰ বাবেই ৰোজাৰ পুৰ্বে দৰমহাৰ পৰা বঞ্চিত হল গোৱালপাৰা জিলাৰ শিক্ষক কৰ্মচাৰী

মাটিয়া:

কোষাগাৰৰ হেমাহিৰ বাবেই গোৱালপাৰা জিলাৰ হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীয়ে দৰমহাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে ।জানিব পৰা মতে গোৱালপাৰা জিলাৰ শিক্ষক -কৰ্মচাৰী সকলৰ বাবে দৰমহাৰ প্ৰস্তুত কৰি যোৱা মাহৰ ৩০ তাৰিখে জিলা কোষাগাৰলৈ প্ৰেৰণ কৰিছিল যদিও আজিলৈকে দৰমহা নোপোৱাত শিক্ষক কৰ্মচাৰী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাইলোৰ পৰা পৱিত্ৰ ৰামজান মাহৰ ৰোজা আৰম্ভ হব৷ৰোজাৰ পুৰ্বে দৰমহা নোপোৱাত এইসকল ইছলাম ধৰ্মাৱলম্বী শিক্ষক কৰ্মচাৰী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । ছাৰ্ভাৰৰ সমস্যাৰ বাবেই শিক্ষক কৰ্মচাৰী সকলৰ দৰমহা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই বুলি কোষাগাৰ কাৰ্যালয়ৰ কৰ্মচাৰী সূত্রে জানিব পৰা গৈছে । কেৱল গোৱালপাৰা জিলাতে নহয় সমগ্ৰ অসমতে এই সমস্যা দেখা দিয়াত বিষয়া কৰ্মচাৰী তথা শিক্ষক সকলৰ দৰমহা প্ৰদান কৰিব পৰা নাই বুলি কোষাগাৰ সূত্রে প্ৰকাশ ।এইক্ষেত্রত জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে শিক্ষক কৰ্মচাৰী সকলে।

Exit mobile version