নগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস : দিন দূপৰতে ধন লুটৰ চেষ্টা

ww
দুৰ্বৃত্তৰ আক্ৰমণত আহত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী

নগাঁও :

নগাঁও আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহন কৰি চিলনী চোৰে নগাঁও চহৰত এটাৰ পিছত এটাকৈ সংঘটিত কৰি গৈছে ধন লুটৰ ঘটনা। বিশেষকৈ নগাঁও চহৰৰ অন্যতম অভিজাত এলেকা আমোলাপট্টি অঞ্চলত আজি কিছু দিন ধৰি চিলনী চোৰে অব্যাহত ৰাখিছে সন্ত্ৰাস। স্থানীয় সচেতন ৰাইজে নগাঁও আৰক্ষীক অবগত কৰি আহিছে যদিও চিলনী চোৰক ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে শক্তিশালী ভূমিকা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন হৈছে। আজিও নগাঁও চহৰত সংঘটিত হৈছে এনে এক চাঞ্চল্যকৰ ঘটনা। চিলনী চোৰৰ পৰা কষ্টোপাৰ্জিত ধন বচাবলৈ গৈ ১০০ মিটিৰ পৰ্যন্ত দ্ৰুত গতিৰে বাইকৰ সৈতে চুঁচৰি গ’ল এগৰাকী ষাঠি উৰ্দ্ধৰ ব্যক্তি। এই ঘটনাটো সংঘটিত হয় চহৰখনৰ আমোলাপট্টিৰ শংকৰ মন্দিৰ পথত। আজি বিয়লি ষ্টেট বেংকৰ নগাঁও শাখাৰ পৰা ১.৫ লাখ টকা উলিয়াই অানিছিল নগাঁও জিলাৰ কামপুৰ দেউৰীগাঁৱৰ নৰকান্ত গগৈ নামৰ জলসম্পদ বিভাগৰ অবসৰ প্ৰাপ্ত কৰ্মচাৰীজনে। বেংকৰ পৰা ধন উলিয়াই লোকজনে নিজৰ পত্নী আৰু কন্যাৰ সৈতে খুজকাঢ়ি আত্মীয়ৰ ঘৰলৈ আহি থকা অৱস্থাত শংকৰমন্দিৰ পথত লোকজনৰ টকাৰ বেগটো থপিয়াবলৈ চেষ্টা কৰে পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই। কিন্ত সচেতন লোকজনে ধনৰ বেগটো হাতৰে খামচি ধৰাত বাইকৰ সৈতে এশ মিটাৰলৈকে চুচৰি গলেও টকাৰ বেগখন ৰখাবলৈ সক্ষম হয়। তদুপৰি তেওঁৰ লগত থকা পত্নী আৰু কণ্যা সন্তান গৰাকীয়ে চোৰ দুটাক কৰায়ত্ত কৰিবলৈ পিছে- পিছে দৌৰি যায়। লোকজনৰ দৃঢ়তাৰ বাবেই দুৰ্বৃত্ত দুটাই ধন খিনি নিবলৈ অসমৰ্থ হয় যদিও দ্ৰুতগতিত পলাই যাবলৈ সক্ষম হয়। এই ভয়াবহ দৃশ্য বন্দী হৈ ৰয় ওচৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ চি চি টিভি কেমেৰাত। এই চাঞ্চল্যকৰ ঘটনাত নৰকান্ত গগৈ নামৰ লোকজন গুৰুতৰ ভাবে আহত হয় । এই ঘটনা সন্দৰ্ভত নগাঁৱত স্থানীয় একাংশ লোকে নগাঁও আৰক্ষীক অবগত কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ লোকজনক উদ্বাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ইতিমধ্যে আৰক্ষীয়ে চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰিছে। বাতৰি লিখা সময়লৈকে আৰক্ষীয়ে দুৰ্বৃত্ত দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। ইপিনে, কালি সন্ধিয়া আমোলাপট্টি গনতন্ত্ৰ প্ৰেছৰ সন্মুখত বাইকত দুজনীয়া দুৰ্বৃত্তৰ দলে ৰুনু গোহাঁই নামৰ এগৰাকী মহিলাৰ চেইন কাঢ়িবলৈ চেষ্টা কৰাৰ বাবে মহিলা গৰাকী পথৰ ওপৰত পৰি আঘাতপ্ৰাপ্ত হয়। যাৰ বাবে মহিলাগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰাব লগা হয়। উল্লেখ্য যে আমোলাপট্টি এলেকাত চলিত মাহত পাঁচটাতকৈ অধিক এনে ঘটনা স‌ংঘটিত হয়। চিলনী চোৰে বাৰে বাৰে আমোলাপট্টি অঞ্চলত কিয় লক্ষ কৰি লৈছে, তাক লৈ অঞ্চলটোৰ ৰাইজ সংকিত হৈ পৰিছে। চিলনী চোৰে অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি থকাৰ পাছতো আৰক্ষীয়ে শক্তিশালী ভূমিকা গ্ৰহন নকৰাত স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

Exit mobile version