নগাঁৱত বেংকৰ পৰা ভুৱা চেকেৰে ধন উলিয়াবলৈ চেষ্টা কৰা যুৱকক গ্ৰেপ্তাৰ

নগাঁও :
ভুৱা চেকেৰে নগাঁও চহৰৰ ষ্টেট বেংকৰ খুটিকটীয়া শাখাৰ ধন উলিয়াবলৈ যোৱা এজন যুৱকক বেংকটোৰ কৰ্মচাৰী আৰু উপস্থিত গ্ৰাহকে হাতে লোটে ধৰি উত্তম মাধ্যম সোধাই। জানিব পৰা মতে, নগাঁও চহৰৰ সমীপৰ আব্দুল কালাম নামৰ যুৱক জনে বেংকটোৰ এই শাখাৰ পৰা ভুৱা চেকেৰে প্ৰায় এক লাখ টকা উলিয়াবলৈ চেষ্টা কৰিছিল। বেংকৰ বিষয়া কৰ্মচাৰীয়ে অনুসন্ধানত এই তথ্য লাভ কৰাৰ পাছতেই বেংকৰ বিষয়া-কৰ্মচাৰী আৰু গ্ৰাহকে আব্দুল কালামক হাতে লোটে কৰায়ত্ত কৰি উত্তম মাধ্যম দি পাছত নগাঁও আৰক্ষীক চমজাই চমজায় দিয়ে। আৰক্ষীয়ে কালামৰ হাতৰ পৰা চাৰিটা মবাইল ফোন, বেংকৰ বহুত ভুৱা নথিপত্ৰ, চোকা অস্ত্ৰ আদি উদ্ধাৰ কৰে। দিন দূপৰতে বেংকৰ পৰা এনেদৰে ভুৱা চেকেৰে ধন লুট কৰিব বিচৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এনে ধৰনৰ ঘটনাৰ লগত বেংকৰ কোনো লোক জড়িত থাকিব পাৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
ADVERTISEMENT
Exit mobile version