বিধ্বস্ত মঙলদৈ-মাজিকুছি পথ:জীয়াতু ভুগিছে পথচাৰীয়ে

6

দেওমৰনৈ : দৰং জিলাৰ সদৰ স্থান মঙলদৈৰ পৰা দেওমৰনৈ-নামখলা হৈ ওদালগুৰি জিলা সংযোগী এটি গুৰুত্বপূৰ্ণ পথ হৈছে মঙলদৈ-মাজিকুছি গড়কাপ্তানী পথ । অতি ব্যস্ত পথটোৰ সম্প্ৰতি বিধ্বস্ত ৰূপে ৰাইজক বাৰুকৈয়ে দুৰ্ভোগ ভোগাইছে । মঙলদৈ আৰু ছিপাঝাৰ বিধান সভা সমষ্টিৰ মাজেৰে যোৱা পথটি মঙলদৈৰ সমষ্টিৰ অংশ ইতিমধ্যে পুণৰ পকীকৰণ হ’ল । মঙলদৈৰ পৰা নাহৰবাৰীলৈকে প্ৰায় দহ কিলোমিটাৰ পথাংশ পকীকৰণ হয় যদিও ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত পথটোৰ অধিক অংশই জৰাজীৰ্ণ হৈ পৰিছে । পুৰণি পকী পথ ভাঙি ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হোৱাৰ ফলত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে । উল্লেখ্য যে সদাব্যস্ত পথটি পুণৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিছিল । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই ২০১৮ ৰ দুই নৱেম্বৰত ছিপাঝাৰ সমষ্টিৰ বিধায়কৰ উপস্থিতিত ৰাজ্যিক স্ব- অগ্ৰাধিকাৰ উন্নীতকৰণ আঁচনিৰ অধীনত ২৩৫ ‘ ৬৬ লাখ ( দুই কোটি ৩৫লাখ, ৬৬হাজাৰ ) টকাৰ আঁচনিৰে সৰাবাৰীত আধাৰশিলা স্থাপন কৰিছিল । কিন্তু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে স্থাপন কৰা আধাৰশিলাৰ ছয় উকলি যোৱাৰ পিছতো এতিয়ালৈকে পথৰ কাম আৰম্ভ নহ’ল । চৰকাৰৰ এনে কাৰ্যত সদৌ দৰং জিলা ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে পথটো পুণৰ পকীকৰণৰ ব্যৱস্থা কৰিবলৈ গড়কাপ্তানি মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে ।

Exit mobile version