বিলাসীপাৰাৰ বাঘমাৰীত লোমহৰ্ষক হত্যাকাণ্ড

বিলাসীপাৰা :– বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰী ১ম খণ্ড গাঁৱত যোৱা নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ | গাঁও খনত স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে | অভিযোগ মতে গাঁও খনৰ মইদুল হক ওৰফে মুকুলে নিজ পত্নী আনোৱাৰা বিবিক(৩২) ডিঙি চেপি হত্যা কৰে | গাঁও খনৰ মইদুল হকে দীৰ্ঘ দিনৰ পৰা পত্নীৰ পৰিয়ালৰ পৰা ধন আৰু যৌতুক দাবী কৰি আহিছে | দাবীকৃত ধন আৰু যৌতুক নাপাই পত্নী আনোৱাৰা বিবিক বিয়াৰ পিছৰে পৰা শাৰীৰিক নিৰ্যাতন চলাই অহাৰ অভিযোগ নিহত মহিলা গৰাকীৰ পৰিয়ালৰ | পৰিয়ালটোৰ মতে ইয়াৰ পৰিনতিতে মইদুল হকে যোৱা নিশা আনোৱাৰাক ডিঙি চেপি হত্যা কৰে | ইফালে হত্যাকাণ্ডৰ খবৰ পাই বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া সুব্ৰত সেন , ৰাণীগঞ্জ আৰক্ষীৰ লগতে দণ্ডাধীশ ছৰফৰাজ হক উপস্থিত হয় ঘটনাস্থলীত | ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পাই অভিযুক্ত মইদুল হক পলায়ন কৰে বুলি জানিব পৰা গৈছে | পিছত আৰক্ষীয়ে মৃতদেহ টো উদ্ধাৰ কৰি আজি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে | আনহাতে নিশাই মৃত মহিলা গৰাকীৰ ভাতৃ আতোৱাৰ ৰহমানে ৰাণীগঞ্জ আৰক্ষী চকীত হত্যাৰ অভিযোগত মইদুল হক আৰু তেওঁৰ পৰিয়ালৰ একাংশ সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে |

Exit mobile version