ভাৰত-ভূটান সীমান্তত জনাঞ্চলত বনৰীয়া হাতীৰ অৱস্থান :আতংকিত গাওবাসী

f

e

তামুলপুৰ :
তামুলপুৰৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত এতিয়া আতংকৰ অন্য নাম হৈছে বন্য হস্তী ৷ বন্য হস্তীৰ ধাৰাবাহীক উপদ্ৰৱত এতিয়া বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ভাৰত-ভূটান সীমান্তৰ জনসাধৰনে ৷ বিগত কিছুদিন ধৰি খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি আহি বৃহৎ হাতীৰ জাক এটাই দৰংগাজুলী সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ আছিল যদিও দুদিন পূৰ্বে নিশা হাতীৰ জাকটোৱে পোৱালী সহ ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ জনাঞ্চলত প্ৰবেশ কৰে ৷ কালি নিশাই বনৰীয়া হাতীৰ জাকটো ১নং শান্তিপুৰ আৰু কাৰখেলা গাওঁত প্ৰবেশ কৰি গোপাল কাৰ্কী,জীত বাহাদুৰ বুঢ়াথোকী,গঙ্গামায়া ভট্টৰায়ৰ লগতে কেইবাজনো লোকৰ বাৰীৰ ১০০ ডালতকৈ অধিক তামোল, ১০ ডাল নাৰিকলৰ লগতে মাটি কঠালৰ বাগান তহিলং কৰে ৷ বন বিভাগৰ লোকে স্থানীয় লোকৰ সহযোগত ফটকা ফূটাই, জুই জ্বলাই হাতী খেদিবলৈ চেষ্টা কৰে যদিও হাতীৰ জাকটো জনাঞ্চলৰ পৰা খেদি পঠিয়াবলৈ ব্যৰ্থ হয় ৷ আজি পূৱাৰ ভাগত হাতীৰ জাকটো কিছু বনাঞ্চললৈ গুছি যায় যদিও তিনিটা পোৱালী সহ সাতটাকৈ হাতী ২ নং শান্তি পুৰৰ এঘৰ লোকৰ বাৰীৰ পিচ ফালৰ গমাৰী বাগানত ৰৈ যায় ৷ আজি পুৱাৰ ভাগত পথাৰলৈ গৰু এৰাল দিব যোৱা লোকে হাতী কেইটা প্ৰতক্ষ্য কৰাত গাও খনত হুৱা দুৱা লাগে ৷ আনহাতে গোটেই দিনটো হাতী কেইটা পথাৰত ইফালে সিফালে ঘুৰি ফুৰাত আতংকিত হৈ পৰে গাও খনৰ লোক সকল ৷ বন বিভাগৰ কৰ্মচাৰীৰ সৈতে গাওঁৰ ৰাইজে হাতীৰ জাকটোৰ গতিবিধি লক্ষ্য কৰি জাকটো ভূটান পাহাৰৰ পিনে খেদি পঠোৱাৰ চেষ্টা অব্যাহত ৰাখিছে । হাতীৰ জাকে গাওৰ মানহৰ ঘৰ দুৱাৰ ভাঙি উপদ্ৰৱ চলোৱাৰ আশংকাত ভূগিছে । এই হাতীৰ জাকটোৱে বিগত দিনকেইটাত সীমান্ত অঞ্চল সমুহত কেইবাটাও পৰিয়ালৰ ঘৰ – দুৱাৰ ভাঙি ছিঙি লণ্ড- ভণ্ড কৰিছিল ।

Exit mobile version