মাটিয়া : গোৱালপাৰা চহৰৰ যানবাহন আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি কেইদিনমান পূৰ্বে এগৰাকী ই -ৰিক্সা চালকে আত্মহত্যাৰ চেষ্টা চলোৱাৰ উত্তেজনা মাৰ নৌযাওঁতেই আজি পুনৰ এগৰাকী ই- ৰিক্সা চালকক মাৰপিট কৰাকলৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ঘটনাৰ বিৱৰণীমতে আজি দুপৰীয়া ই-ৰিক্সা চালক লালচান আলীয়ে নিজৰ ৰিক্সা খনলৈ চহৰৰ নতুন বজাৰৰ গোয়ালটুলী পথত ৰখোৱাৰ লগে লগে যানবাহন নিয়ন্ত্ৰনৰ আৰক্ষী বিষয়া সুজিত দেৱৰায়ে অনুজ্ঞা পত্ৰ বিচাৰি নাপাই মাৰপিট কৰে। আৰক্ষী বিষয়াৰ চৰ খাই লালচানে সন্থাৰ বিষয়ববিয়াক অৱগত কৰে। এই বিষয়ে অৱগতহৈ গোৱালপাৰা জিলা ই-ৰিক্সা চালক সন্থাৰ সভাপতি ননী দাস সহ অৰ্ধশতাধিক ই – ৰিক্সা চালক ঘটনাস্থলীত উপস্থিত হয় আৰু ট্ৰেফিক কন্ট্ৰল ৰুমৰ কাষত আৰক্ষী বিভাগৰ বিৰুদ্ধে বিভিন্ন ধৰনৰ শ্লোগানেৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে । প্ৰতিবাদকাৰী সকলে ” আৰক্ষী বিভাগ হায় হায়, ট্ৰেফিক আৰক্ষী বিষয়া সুজিত দেৱৰায় মুৰ্দাবাদ, ই – ৰিক্সা চালকৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ নচলিব, আদি বিভিন্ন শ্লগানেৰ প্ৰতিবাদ জনায় । পৰিবেশ উত্তাল হোৱাত গোৱালপাৰা সদৰ আৰক্ষীৰ লগতে জিলা উপ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ লগতে ই -ৰিক্সা চালক সকলৰ ওপৰত হাৰাশাস্তি কৰা নহয় আৰু ট্ৰেফিক আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্রদান কৰে ।
গোৱালপাৰাত ই -ৰিক্সা চালকক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতি
-
By publisher

- Categories: Uncategorized
Related Content
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
By
publisher
April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026