MP Development Fund:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:সাংসদ পুঁজিৰে স্থানীয় অঞ্চল উন্নয়নত গুৰুত্বহীনতা স্পষ্ট হৈছে লোকসভা আৰু ৰাজ্যসভাত থকা অসমৰ প্রতিনিধিসকলৰ। দুয়োখন সদন মিলি অসমৰ সাংসদ সংখ্যা ২১ জন। তেওঁলোকৰ প্রত্যেকে স্থানীয় উন্নয়ন পুঁজিৰ শিতানত বছৰি পাঁচ কোটি টকাকৈ লাভ কৰে।
এইধন ব্যয়ৰে উন্নয়ন প্রক্রিয়া ত্বৰান্বিত কৰাত দিল্লীত অসমৰ সাংসদসকল ব্যর্থ হৈছে। যোৱা ৩১ মার্চলৈ উলিওৱা হচাপ অনুসৰি, ধাৰাবাহিক তিনিটা বিত্তীয় বৰ্ষত অসমৰ সাংসদসকলে আবণ্টিত সম্পূর্ণ পুঁজি ব্যয় কৰাত ব্যর্থ হয়। সাংসদ পুঁজি ব্যয়ত দায়বদ্ধ হ’ল জিলা প্রশাসন। সাংসদসকলে ৰূপায়ণ কৰিবলগীয়া কামৰ অনুমোদন দিব লাগে আৰু সেই কাম ৰূপায়ণ কৰি ব্যয় কৰাৰ দায়িত্বত থাকে জিলা প্রশাসন।
সাংসদসকলে ইয়াৰ বাবে প্রয়োজনীয় নীতি-নিয়ম অনুসৰি প্ৰস্তাৱ জিলা প্ৰশাসনক দিব লাগে। কিন্তু বহু সময়ত সাংসদসকল যিদৰে এই ক্ষেত্ৰত সক্রিয় নহয়, সমান্তৰালভাৱে জিলা প্রশাসনেও কাৰ্য ৰূপায়ণত শিথিল ভূমিকা লৈ আহিছে। জিলা প্রশাসনক নির্দেশ বা হেঁচা দিয়াৰ তাগিদা অনুভৱ নকৰে অধিকাংশ সাংসদে। গতিকে সকলো মিলি উন্নয়ন প্রক্রিয়াটো লেহেমীয়া হয়। ইয়াৰ পৰিণতিত আবণ্টিত পুঁজিও ব্যয় নোহোৱাকৈ পৰি ৰয়। ইয়াৰ ওপৰঞ্চি পুঁজি ব্যৱহাৰত কেলেংকাৰি সংঘটিত হোৱাৰো অভিযোগ সঘনে উত্থাপিত হৈ আহিছে।
যোৱা মাৰ্চত সামৰণি পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ উপৰি তাৰ পূৰ্বৰ ২০২৪-২৫ আৰু ২০২৩-২৪ক ধৰি অসমৰ লোকসভাৰ ১৪ আৰু ৰাজ্যসভাৰ সাতজন সাংসদে আবণ্টিত ধনৰ ৭১ কোটি টকা ব্যয় কৰিব নোৱাৰিলে। দিছপুৰৰ তথ্য অনুসৰি, উক্ত তিনিটা বিত্তীয় বৰ্ষত অসমৰ সাংসদসকলৰ বিপৰীতে অনুমোদন প্রাপ্ত পুঁজিৰ পৰিমাণ হ’ল ৩৫৪.১৭ কোটি টকা।
ইয়াৰে সাংসদসকলে আবণ্টন লাভ কৰা পুঁজিৰ পৰিমাণ হ’ল ২৭২.২১ কোটি টকা। ইয়াৰ ভিতৰত তিনি বছৰত ব্যয় হয় ২০১.৩২ কোটি টকা। আকৌ যি পৰিমাণৰ ধন ব্যয় হয় সেয়াও অতি লেহেমীয়া গতিত হোৱা বুলি দিছপুৰৰ তথ্যত প্রকাশ। কাৰণ উন্নয়নমূলক কামৰ প্ৰস্তাৱৰ বিপৰীতে ৰূপায়ণ প্রক্রিয়া যথেষ্ট লেহেমীয়া হয়। বহু কামৰ ধন ব্যয়ৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিলো সময়মতে নহ’ল। তদুপৰি উন্নয়নমূলক কাম ৰূপায়ণত ভূমি অধিগ্রহণ, বিভিন্ন বিভাগৰ পৰা আপত্তিবিহীন প্রমাণপত্ৰ লাভ কৰা আদি বিষয়বোৰেও এনে আঁচনি কাৰ্যকৰীকৰণত বাধাৰ সৃষ্টি কৰি আহিছে।
ব্যৱহাৰিক প্রমাণপত্র দাখিল অবিহনে পৰৱৰ্তী পুঁজিও মোকলাই দিয়া নহয়। প্রসংগক্রমে সূত্রত প্রকাশ যে একাংশ সাংসদে কোনো ধৰণৰ নীতি-নিয়ম অৱলম্বন নকৰাকৈয়ো উন্নয়নমূলক কামৰ প্ৰস্তাৱ দাখিল কৰে। সেইবোৰো বিভিন্ন পর্যায়ত পর্যালোচনা-পুনৰীক্ষণ কৰা হয়। তাৰ বাবেও সময়ৰ প্ৰয়োজন হয়। সেই কাৰণে একোজন সাংসদৰ কাৰ্যকাল উকলি যোৱাৰ পাছতো তেওঁলোকে অনুমোদন জনোৱা বহু কাম দীর্ঘদিনলৈ চলি থাকে অথবা আধাতে বন্ধ হৈ পৰে। ইয়াৰ ফলত ৰাজহুৱা ধনৰ অৰ্থহীন ব্যয় তথা অপচয় হয়।




































