গোৰেশ্বৰ’: বাগসা জিলাৰ গোৰেশ্বৰত বিনা বেতনে শিক্ষাদান কৰি অহা এগৰাকী শিক্ষকে আৰ্থিক দৈন্যতাৰ বাবে চিকিৎসাৰ অভাৱত নিজ গৃহত অকাল মৃত্যুক আকোৱালি লোৱা ঘটনাই এলেকাবাসীক শোকস্তব্ধ কৰি তুলিছে। ১৯৮৪ চনতে গোৰেশ্বৰ ৰাজহ চক্ৰৰ আউৰীয়াপাৰাৰ জানিৰাম ডেকাই (৫৩)নিজ গাঁৱৰ শিশুসকলক জ্ঞানৰ পোহৰ দিবলৈ ৰাইজৰ দান বৰঙনিৰে আউৰীয়াপাৰ প্ৰাথমিক বিদ্যালয়খন স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিছিল ৷ তেতিয়াৰ পৰা কেইবা শতাধিক ছাত্ৰ -ছাত্ৰীক বিনা বেতনে শিক্ষাদান কৰি দেশ তথা ৰাজ্যৰ সেৱা কৰি তেওঁলোকক নিজাকৈ প্ৰতিষ্ঠা হোৱাৰ সুযোগ দিছিল। ইফালে এদিন নিজাকৈ প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানখন চৰকাৰে প্ৰাদেশীকৃত কৰি তেওঁক আত্ম মৰ্যাদা দিব বুলি মনত অযুত আশালৈ বিবাহপাশত আবদ্ধ হৈ এটি দুটিকৈ চাৰিজন পুত্ৰ সন্তানৰ পিতৃও হ’ল তেওঁ ৷ ১৯৯০চনত শিক্ষাবিভাগে উক্ত বিদ্যালয়খনক অনুমতি প্ৰদান কৰি স্বীকৃতিও দিয়াত তেওঁৰ মনৰ পৰা কিছু দুঃচিন্তা আতৰিছিল ৷ কিন্তু চৰকাৰৰ নীতি আৰু বিভাগটোৰ হেমাহিৰ বাবে স্বীকৃতি পোৱা শিক্ষানুষ্ঠানখন প্ৰাদেশীকৃত হোৱাৰ পৰা বঞ্চিত হৈ ৰয় ৷ অদ্যাপি অপ্ৰাদেশীকৃত হৈ থকা শিক্ষক ডেকাৰ পৰিয়ালক পোহপাল দিয়াৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হোৱাত দুঃচিন্তাই আগুৰি ধৰে তেওঁক ৷ এনে দুঃচিন্তাৰ মাজতে শুক্ৰবাৰে নিজ ঘৰতে তেওঁ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ঢলি পৰে ৷ধনৰ অভাবত তেওঁক পৰিয়ালে চিকিৎসালয়লৈ নিব নোৱাৰি ঘৰৰ বিচনাতে শুৱাই থয় ৷অৱশেষত তিনিটাদিন চিকিৎসাবিহীনভাবে বিচনাতে চটফটাই আজি পুৱতিনিশাই শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যৰ সময়ত তেওঁ পত্নী ,চাৰিজন পকেইবাজনো নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ যায় ৷
চিকিৎসাৰ অভাৱত মৃত্যু ভেঞ্চাৰ শিক্ষকৰ
-
By publisher

- Categories: Uncategorized
Related Content
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
By
publisher
April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026