বকো: ডাইনী সন্দেহত এহাল দম্পত্তিক ৰাজহুৱা বাবে প্ৰহাৰ কৰা এক নিৰ্মম ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে কামৰুপ জিলাৰ বকোত ৷ বকো থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী গাৰো বসতি প্ৰধাণ অঞ্চলত দ’গাঁৱত সংঘটিত হয় এক হৃদয় বিদাৰক চাঞ্চল্যকৰ ঘটনা । দ’গাঁৱৰ এহাল দম্পতিক ডাইনী সন্দেহত আৱদ্ধ কৰি ৰাজহুৱাভাৱে প্ৰহাৰ কৰা ঘটনাটোৱে সমগ্ৰ দক্ষিণ কামৰূপত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত বাতৰি মতে, দ’গাঁওৰ লুইণ্ড চাংমা(৭৫) আৰু তেওঁৰ পত্নী প্ৰিটিলা চাংমা (৬৫)’ক গাঁওখনৰ একাংশ ৰাইজে ডাইনী সন্দেহত প্ৰহাৰ কৰাৰ লগতে আৱদ্ধ কৰি ৰাখে ৷ এই সন্দৰ্ভত খৱৰ পাই বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰে । সম্প্ৰতি দম্পতীহালক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰিছে আৰক্ষীয়ে ৷ অন্ধ বিশ্বাসৰ বলি হৈ ৰাজহুৱা সভাৰ আয়োজন কৰিছিল একাংশই ৷ ঘটনাস্থলীত আৰক্ষী সময়মতে উপস্থিত হোৱাতহে দম্পতি হালৰ প্ৰাণ ৰক্ষা পৰে ৷ উল্লেখ্য যে,দম্পতীহালক চিকিৎসালয়ত খবৰ এটা কৰিবলৈ গাওঁবাসীৰ কথা বাদেই সতি সন্তানেও পিতৃ-মাতৃক খবৰ লবলৈ নাহিল। ঘটনা সন্দৰ্ভত প্ৰিটিলা চাংমাই দুখেৰে কয় যে, ডাইনী সন্দেহত কালি বিয়লি স্বামী- স্ত্ৰীক গাওঁখনৰ প্ৰায় ৫|৬জন লোকে শাৰীৰিকভাবে প্ৰহাৰ কৰে। দুয়োকে শৰীৰৰ বিভিন্ন অংগত প্ৰহাৰ কৰাত দুয়ো গুৰুতৰভাবে আহত হৈ পৰে। গাওঁবাসীৰ হেচাত পৰিয়ালৰ লোকসকল দুয়োকে খবৰ লবলৈ চিকিৎসালয়ত উপস্থিত হবলৈ সাহস কৰা নাই বুলিকান্দোনত ভাঙি পৰে।
বকোত ডাইনী সন্দেহত এহাল দম্পতিক ৰাজহুৱা প্ৰহাৰ:: আৰক্ষীৰ প্ৰচেষ্টাত উদ্ধাৰ দম্পতিহাল
-
By publisher

- Categories: Uncategorized
Related Content
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
By
publisher
April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
By
publisher
April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026