পৰীক্ষাত অনুৰ্ত্তীণ হৈ ছাত্ৰীৰ আত্মহত্যা

download

সৰভোগ:
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভাল ফলাফলক লৈ বিভিন্ন শিক্ষানুষ্ঠান, শিক্ষক-শিক্ষাৰ্থী তথা অভিভাৱকসকল ব্যস্ত থকাৰ সময়তে সৰভোগত সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। পৰীক্ষাৰ ফলাফলক লৈ একাংশ লোকে আনন্দত ডুব গৈ থকাৰ মাজতে দহলাপাৰাৰ বিদিশা ঠাকুৰীয়া (১৭) নামৰ ছাত্ৰী গৰাকীয়ে পৰীক্ষাত অনুৰ্ত্তীণ হৈ আত্মহত্যা কৰা ঘটনাত সৰভোগত শোকৰ ছাঁ পৰে। প্ৰাপ্ত তথ্য অনুসৰি, সৰভোগৰ দহলাপাৰাৰ বলীন ঠাকুৰীয়াৰ কন্যা বিদিশা ঠাকুৰীয়াই এইবেলি শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পশ্চিম বৰনগৰ উচ্চ মাধ্যমিক বিদ্যালয়স্থিত পৰীক্ষা কেন্দ্ৰৰ পৰা বি-১৯০৪৬, ৰোল নং- ৯৪ নম্বৰৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰী গৰাকীয়ে আজি ঘোষিত ফলাফলত উৰ্ত্তীণৰ তালিকাত নিজৰ ৰোল নম্বৰ নেদেখি হতাশ হৈ আত্মহত্যাৰ পথ বাচি লয়। পৰীক্ষাৰ ফলাফলৰ পিছতে আজি দুপৰীয়া ছাত্ৰীগৰাকীয়ে নিজ বাসগৃহত ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰে।

Exit mobile version