হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি এগৰাকী ছাত্ৰীৰ চীপলৈ আত্মহত্যা

images

বৰপেটা ৰোডত ছাত্ৰীৰ আত্মহত্যা

বৰপেটা ৰোড: আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাছতেই উত্তীৰ্ণ হব নোৱাৰি ৰাধিকা দাস নামৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় ৷ বৰপেটাৰোডৰ নিকটৱৰ্তী জাখলিৰপাৰস্হিত নৰ নাৰায়ণ একাডেমীৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ছাত্ৰী গৰাকী পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি নিজ গৃহতেই চীফজৰীলৈ আত্মহত্যা কৰে ৷ পৰিয়ালৰ লোকে ছাত্ৰী গৰাকীক ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে ৷ ছাত্ৰী গৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা বিৰাজ কৰিছে ৷ ছাত্ৰী গৰাকীৰ ঘৰ বাক্সা জিলাৰ লুৱাশুৰ গাৱৰ৷ লুৱাশুৰ গাৱৰ ভানু দাসৰ কন্যা ৰাধিকা দাসৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছে ৷

Exit mobile version